Monday, 16 November 2026
Latest
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই‘ভাৰতক অপমান কৰিলে কোনে হাঁহে?’ ইটালীৰ নেতাৰ শ্লোগানক লৈ ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ…যান-জঁট নাই, গাড়ীৰ হৰ্ণ নাই, নাই ব্যস্ততাৰ দৌৰ! শিলৰ বুকুত লুকাই আছে পৃথিৱীৰ এখন আশ্চৰ্যকৰ চহৰ…১ লাখ টকা ধাৰ লৈ পত্নীৰ সৈতে ডেটিং! ৰবি কিষাণৰ পৰা টকা লৈ কি কৰিলে মনোজ তিৱাৰীয়ে?মহাকাশৰ পৰা উভতি আহি লঞ্চপেডতে অৱতৰণ! আকাশতে Starship-ক ‘ধৰিলে’ SpaceX-এ, বিশ্বজুৰি চৰ্চা এলন মাস্কৰ…আমেৰিকাৰ আকাশত বিমান সংকট! ৪০০০ৰো অধিক বিমান বাতিল, ১০ হাজাৰৰো অধিক পলম, হঠাতেই হ’ল কি?SIR-ত বাদ পৰিল ভোটাৰৰ নাম? চিন্তা নাই, পুনৰ ভোটাৰ হ’বলৈ পূৰণ কৰক ফৰ্ম-৬! ডাঙৰ ঘোষণা নিৰ্বাচন আয়োগৰ…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

SIR-ত বাদ পৰিল ভোটাৰৰ নাম? চিন্তা নাই, পুনৰ ভোটাৰ হ’বলৈ পূৰণ কৰক ফৰ্ম-৬! ডাঙৰ ঘোষণা নিৰ্বাচন আয়োগৰ…

ভোটাৰ তালিকাত নাম নাই অথবা পূৰ্বতে ভোটাৰ হিচাপে পঞ্জীয়ন হৈ থকাৰ পিছতো SIR-ৰ খচৰা তালিকাৰ পৰা বাদ পৰিল নেকি আপোনাৰ নাম? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। পুনৰ ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ দিছে নিৰ্বাচন আয়োগে। আনকি পুনৰ ফৰ্ম-৬ পূৰণ কৰিলেও আপোনাৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছে আয়োগে।

বিশেষ গভীৰ পৰ্যালোচনা অৰ্থাৎ SIR প্ৰক্ৰিয়াৰ পিছত বহু ভোটাৰৰ নাম খচৰা তালিকাত নথকাক লৈ সৃষ্টি হৈছিল উদ্বেগ। পূৰ্বৰে পৰা ভোটাৰ হিচাপে পঞ্জীয়ন হৈ থকা ব্যক্তিয়ে পুনৰ ফৰ্ম-৬ দাখিল কৰিলে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ৩১ নং ধাৰাৰ অধীনত আইনী সমস্যাত পৰিব নেকি, তাক লৈও একাংশৰ মাজত আশংকা আছিল। কিন্তু নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত স্পষ্ট কৰি দিয়ে যে কেৱল ফৰ্ম-৬ দাখিল কৰাৰ বাবেই কোনো ভোটাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহ’ব।

ইয়াৰ বাবে আয়োগে বিশেষ ব্যৱস্থাও গ্ৰহণ কৰিছে। ২০২৬ চনৰ ৬ নৱেম্বৰত SIR চলি থকা ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰা হৈছে। যিসকল ভোটাৰৰ নাম বাদ পৰিছে, তেওঁলোকে নিজৰ বৰ্তমানৰ বাসস্থানৰ ভিত্তিত পুনৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব।

ভোটাৰসকলে স্বাক্ষৰিত গণনা প্ৰ-পত্ৰৰ সৈতে আগতে প্ৰ-পত্ৰ জমা নিদিয়াৰ কাৰণ উল্লেখ কৰি বিবৃতিও দিব লাগিব। এই আবেদন অনলাইন অথবা অফলাইনত ERO, AERO বা BLOৰ জৰিয়তে জমা দিব পাৰিব।

আয়োগৰ লক্ষ্য স্পষ্ট—এজনো যোগ্য ভোটাৰ যাতে ভোটাধিকাৰৰ পৰা বঞ্চিত নহয়। একে সময়তে এজন ব্যক্তিৰ নাম যাতে একাধিক সমষ্টিত পঞ্জীয়ন নহয়, তাৰ প্ৰতিও থাকিব কঠোৰ নজৰ। অৰ্থাৎ ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেও এতিয়া পুনৰ নাম অন্তৰ্ভুক্তিৰ সুযোগ মুকলি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.