যান-জঁট নাই, গাড়ীৰ হৰ্ণ নাই, নাই ব্যস্ততাৰ দৌৰ! শিলৰ বুকুত লুকাই আছে পৃথিৱীৰ এখন আশ্চৰ্যকৰ চহৰ…
এফালে বিশাল সাগৰ, আনফালে প্ৰকাণ্ড শিলৰ পাহাৰ। নাই গাড়ীৰ হৰ্ণ, নাই যান-জঁটৰ যন্ত্ৰণা। খোজকাঢ়িয়েই পাৰ কৰিব লাগে চহৰৰ প্ৰতিটো বাট। আধুনিক পৃথিৱীৰ ব্যস্ততাৰ পৰা বহু দূৰত অৱস্থিত গ্ৰীচৰ এই চহৰখন যেন এখন জীৱন্ত ইতিহাসৰ পৃষ্ঠা।
পুৱা চকু মেলাৰ লগে লগে গাড়ীৰ হৰ্ণ, অফিচলৈ যোৱাৰ তাড়া, যান-জঁট আৰু প্ৰদূষণ। দিল্লী, মুম্বাই বা নিউয়ৰ্কৰ দৰে মহানগৰত এয়াই যেন দৈনন্দিন জীৱন। কিন্তু পৃথিৱীত এনে এখন চহৰো আছে, য’ত গাড়ীৰ শব্দৰ পৰিৱৰ্তে শুনিবলৈ পোৱা যায় সাগৰৰ ঢৌৰ গৰ্জন। চহৰখনৰ নাম মনেমভাছিয়া (Monemvasia)।
গ্ৰীচৰ পেলোপনিজ অঞ্চলত অৱস্থিত এই আশ্চৰ্যকৰ চহৰখন নিৰ্মাণ কৰা হৈছে সাগৰৰ বুকুত থিয় হৈ থকা এটা বিশাল শিলৰ ওপৰত। ইয়াক ‘কেছল চিটি’ বা শিলৰ দুৰ্গৰ চহৰ বুলিও জনা যায়। মূল ভূখণ্ডৰ সৈতে এখন দলং আৰু সৰু পথেৰে সংযুক্ত হৈ আছে এই ঐতিহাসিক চহৰখন।
কিন্তু ইয়াৰ আটাইতকৈ আচৰিত নিয়মটো কি জানেনে? পুৰণি চহৰখনৰ দুৰ্গৰ ভিতৰত মটৰ গাড়ী চলোৱাত নিষেধাজ্ঞা আছে। অৰ্থাৎ বজাৰলৈ যাবলৈ হওক বা কাৰোবাৰ ঘৰত উপস্থিত হ’বলৈ হওক, খোজকাঢ়িয়েই যাব লাগিব। গধুৰ সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় সৰু গাড়ী আৰু গাধ।
শিলৰ আঁকোৰগোজ ৰাস্তা, মধ্যযুগীয় অট্টালিকা, ফুলেৰে ভৰা পদপথ আৰু নীলা সাগৰৰ মনোমোহা দৃশ্যই চহৰখনক কৰি তুলিছে সপোনৰ দৰে। পুৰণি ঘৰবোৰৰ বহুতো এতিয়া বুটিক হোটেল, কেফে আৰু অতিথিশালালৈ ৰূপান্তৰিত হৈছে।
মনেমভাছিয়াৰ আন এটা আকৰ্ষণীয় দিশ হ’ল ইয়াৰ ইতিহাস। বিখ্যাত গ্ৰীক কবি য়ানিছ ৰিটছ’ৰ শৈশৱ এই চহৰতে অতিবাহিত হৈছিল। কিন্তু এতিয়া এই শান্ত চহৰখনক লৈ আৰম্ভ হৈছে নতুন বিতৰ্ক। পৰ্যটক আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ বাবে কেবল কাৰ স্থাপনৰ প্ৰস্তাৱ উত্থাপন হৈছে। এচামে ইয়াক আদৰণি জনাইছে যদিও আন একাংশৰ মতে, ইয়াৰ ফলত চহৰখনৰ ঐতিহাসিক সৌন্দৰ্য আৰু শান্তি নষ্ট হ’ব পাৰে।
