Monday, 16 November 2026
Latest
কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই‘ভাৰতক অপমান কৰিলে কোনে হাঁহে?’ ইটালীৰ নেতাৰ শ্লোগানক লৈ ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ…যান-জঁট নাই, গাড়ীৰ হৰ্ণ নাই, নাই ব্যস্ততাৰ দৌৰ! শিলৰ বুকুত লুকাই আছে পৃথিৱীৰ এখন আশ্চৰ্যকৰ চহৰ…১ লাখ টকা ধাৰ লৈ পত্নীৰ সৈতে ডেটিং! ৰবি কিষাণৰ পৰা টকা লৈ কি কৰিলে মনোজ তিৱাৰীয়ে?মহাকাশৰ পৰা উভতি আহি লঞ্চপেডতে অৱতৰণ! আকাশতে Starship-ক ‘ধৰিলে’ SpaceX-এ, বিশ্বজুৰি চৰ্চা এলন মাস্কৰ…আমেৰিকাৰ আকাশত বিমান সংকট! ৪০০০ৰো অধিক বিমান বাতিল, ১০ হাজাৰৰো অধিক পলম, হঠাতেই হ’ল কি?SIR-ত বাদ পৰিল ভোটাৰৰ নাম? চিন্তা নাই, পুনৰ ভোটাৰ হ’বলৈ পূৰণ কৰক ফৰ্ম-৬! ডাঙৰ ঘোষণা নিৰ্বাচন আয়োগৰ…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

১ লাখ টকা ধাৰ লৈ পত্নীৰ সৈতে ডেটিং! ৰবি কিষাণৰ পৰা টকা লৈ কি কৰিলে মনোজ তিৱাৰীয়ে?

এজনৰ নাম ৰবি কিষাণ, আনজন মনোজ তিৱাৰী। ভোজপুৰী ছবিজগতৰ দুই জনপ্ৰিয় তাৰকা। এসময়ত দুয়োৰে মাজত আছিল তীব্ৰ প্ৰতিদ্বন্দ্বিতা, আনকি সম্পৰ্কতো আহিছিল তিক্ততা। কিন্তু এই দুই তাৰকাৰ মাজত ঘটা এটা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে। কাৰণ, এটা সময়ত ৰবি কিষাণৰ পৰা এক লাখ টকা লৈ পত্নীৰ সৈতে ডেটিঙলৈ গৈছিল মনোজ তিৱাৰী।

শেহতীয়াকৈ এটা প’ডকাষ্টত নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা প্ৰকাশ কৰে মনোজ তিৱাৰীয়ে। ৰবি কিষাণৰ সৈতে থকা সম্পৰ্কৰ কথা ক’বলৈ গৈ তেওঁ কয় যে- দুয়োৰে মাজত সম্পৰ্ক সদায় মসৃণ নাছিল। আনকি এসময়ত ৰবি কিষাণৰ ৯০ শতাংশ কথাই মিছা বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল তেওঁ।

মনোজৰ মতে, খঙৰ বশৱৰ্তী হৈ তেওঁ সেই মন্তব্য কৰিছিল। কিন্তু ৰবি কিষাণৰ প্ৰতিভাক তেওঁ সদায় সন্মান কৰে।

ইয়াৰ মাজতে পোহৰলৈ আহিছে এক আমোদজনক ঘটনা। ‘পাতি পাটনি ঔৰ পাংগা’ অনুষ্ঠানৰ বাবে ৰবি কিষাণক ফোন কৰিছিল মনোজে। কিন্তু ফোন ৰিচিভ নকৰাত অনুষ্ঠানটোৰ কামটো হাতৰ পৰা যায়। পিছদিনা ৰবি কিষাণে নিজেই ফোন কৰি চাহ খাবলৈ নিমন্ত্ৰণ জনায়। সেই সুযোগতে মনোজে তেওঁৰ পৰা বিচাৰে এক লাখ টকা। আচৰিত কথাটো হ’ল, ৰবি কিষাণেও লগে লগে টকাখিনি দি দিয়ে। সেই টকাৰে পত্নীৰ সৈতে ডেটিঙলৈ যায় মনোজ তিৱাৰী!

অৱশ্যে মনোজ তিৱাৰীয়ে স্পষ্ট কৰে যে- দুয়োৰে মাজত সেই বিতৰ্কৰ অন্ত কেতিয়াও নপৰে। প্ৰতিদ্বন্দ্বিতা থাকিলেও ৰবি কিষাণৰ প্ৰতি তেওঁৰ সন্মান অটুট আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.