Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

মহাকুম্ভত আৰব শ্বেখৰ পোছাক পৰিধান কৰি বিপদত ৰাজস্থানৰ এজন ভুৱা যুৱক

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত প্ৰতিদিনে লাখ লাখ ভক্ত উপস্থিত হৈছে। ইয়াৰ সমান্তৰালকৈ এনে বহু লোক মহাকুম্ভৰ ফালে আগবাঢ়িছে, যাৰ লক্ষ্য হৈছে ৰিল বনাই ভাইৰেল হোৱা।

বহু সময়ত লাইক আৰু কমেন্টৰ তাড়নাত এনে লোকে নিজৰ লগতে আনৰ বাবেও সমস্যাৰ সৃষ্টি কৰে।

মহাকুম্ভৰ সময়তো একেধৰণৰ ঘটনা পোহৰলৈ আহিছে, যত এজন ব্যক্তিৰ সাজ-পোছাক তেওঁৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হয়। মানুহে খেদি খেদি মাৰপিট কৰিবলৈ দৌৰে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

এই ভিডিঅ’টোত এজন ব্যক্তিয়ে আৰব শ্বেখৰ সাজ পিন্ধি মহাকুম্ভত ঘূৰি ফুৰা দেখা গৈছে। এই ব্যক্তিজনে আৰব শ্বেখৰ দৰে বগা কাপোৰ পিন্ধি আৰু চকুত ক’লা চশমা পিন্ধি অতি কৰ্তৃত্বৰে খোজ কাঢ়ি আছে। তেওঁৰ লগতে আন একাংশ যুৱককো এই ভিডিঅ’টোত দেখা যায়।

এই সময়ত কোনো ব্যক্তিয়ে যুৱকজনৰ নাম সুধিলে শ্বেখৰ সাজ-পোছাক পৰিধান কৰা যুৱকজনৰ সলনি তেওঁৰ লগত খোজ কাঢ়ি যোৱা যুৱকজনে উত্তৰ দিয়ে। তেওঁ কয় যে শ্বেখৰ নাম প্ৰেমানন্দ আৰু তেওঁ ৰাজস্থানৰ পৰা আহিছে।

অৱশ্যে ভিডিঅ’টোৰ পৰৱৰ্তী অংশত হঠাতে কিছুমান মানুহ দৌৰি থকা দেখা যায়। পৰিস্থিতি স্পষ্ট হোৱাৰ পিছতেই প্ৰকাশ পায় যে, শ্বেখৰ সাজ-পোছাক পৰিহিত ব্যক্তিজনক একাংশ লোকে ঘেৰি ধৰে। তাৰোপৰি তেওঁৰ পাগুৰিও নাইকিয়া কৰে এই ব্যক্তিকেইজনে। এই মানুহবোৰে যুৱকজনক মাৰপিট কৰিবলৈ আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *