Friday, 13 November 2026
Latest
এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…
Top News

৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…

ইমেইলৰ এটা মেছেজ! মুহূৰ্ততে স্তব্ধ হৈ পৰিল হাজাৰ হাজাৰ বিদ্যালয়ৰ স্বাভাৱিক পৰিৱেশ। ক’ৰবাত ছাত্ৰ-ছাত্ৰীৰ মাজত আতংক, ক’ৰবাত বিদ্যালয় খালী কৰাৰ হাহাকাৰ। ১১ নৱেম্বৰত এক ভয়ংকৰ বোমাৰ ভাবুকিয়ে জোকাৰি গ’ল ইটালীসহ সমগ্ৰ ইউৰোপ।
প্ৰকাশিত তথ্য অনুসৰি, ইটালীৰ ৬ হাজাৰৰো অধিক বিদ্যালয়লৈ ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰা হয়। ইয়াৰ মাজতে ৩০০ৰো অধিক বিদ্যালয় তৎক্ষণাত খালী কৰা হয়। নিৰাপত্তাৰক্ষীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি বিদ্যালয়ৰ চৌহদত তালাচী অভিযান আৰম্ভ কৰে।
আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, কেৱল শিক্ষানুষ্ঠানেই নহয়, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ গাড়ীতো বোমা সংস্থাপন কৰা বুলি ভাবুকি দিয়া হৈছিল।
ইমেইল প্ৰেৰণ কৰা ব্যক্তিজনে নিজকে ‘মিখাইল এণ্ড্ৰ’পভ’ বুলি পৰিচয় দিছিল। বিদ্যালয়ৰ ভিতৰত ৰিম’ট ডিটনেটৰযুক্ত শক্তিশালী বিস্ফোৰক ৰখাৰ দাবী কৰি ইটালীবাসীক হত্যাৰ ভাবুকি দিয়া হৈছিল। ইটালীৰ শিক্ষামন্ত্ৰী জিউচেপে ভালডিটাৰাই ৩০০ৰো অধিক বিদ্যালয়ে ভাবুকি লাভ কৰাৰ কথা নিশ্চিত কৰে। আনহাতে, আয়াৰলেণ্ড, স্কটলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডৰ বিদ্যালয়সমূহলৈও একেধৰণৰ বাৰ্তা প্ৰেৰণ কৰা হয়।
ইয়াৰ পূৰ্বেও ইউৰোপৰ বিভিন্ন বিমান সেৱা, টিভি চেনেল আৰু প্ৰতিষ্ঠানলৈ এনে ভাবুকি আহিছিল। ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘটনাক জনসাধাৰণৰ মাজত ভয় আৰু অনিশ্চয়তা বিয়পোৱাৰ পৰিকল্পিত প্ৰচেষ্টা বুলি অভিহিত কৰিছে।
এতিয়া প্ৰশ্ন এটাই—এয়া কেৱল ভুৱা বোমাৰ ভাবুকি, নে ইউৰোপৰ নিৰাপত্তা ব্যৱস্থাক অচল কৰাৰ আঁৰত আছে কোনো বৃহৎ চাইবাৰ ষড়যন্ত্ৰ? তদন্তকাৰীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

Leave a Reply

Your email address will not be published. Required fields are marked *