‘ভাৰতক অপমান কৰিলে কোনে হাঁহে?’ ইটালীৰ নেতাৰ শ্লোগানক লৈ ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ…
হায়দৰাবাদত অনুষ্ঠিত কংগ্ৰেছৰ ভাৰত সন্মিলন ২০২৬ক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। সন্মিলনত ইটালীৰ নেতা জিয়াকোমো ফিলিবেকে দিয়া এটা শ্লোগানক লৈ এতিয়া বিজেপি আৰু কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে ৰাজনৈতিক বাকযুদ্ধ।
সন্মিলনৰ ভাইৰেল ভিডিঅ’টোত জিয়াকোমোৱে ‘চোৰক ভোট দিয়ক, সিংহাসন এৰি দিয়ক’ বুলি শ্লোগান দিয়া দেখা গৈছে। ভাৰতত চলি থকা SIR আৰু নিৰ্বাচনী অনিয়মৰ অভিযোগৰ প্ৰতিবাদতে তেওঁ এই শ্লোগান দিছিল। সেই সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে হাঁহি হাত চাপৰি বজোৱা দেখা গৈছে।
এই ভিডিঅ’ক কেন্দ্ৰ কৰিয়েই বিজেপিয়ে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ছ’চিয়েল মিডিয়াত প্ৰশ্ন কৰে, “বিদেশীয়ে ভাৰতক অপমান কৰিলে কোনো ভাৰতীয়ই হাঁহি থকা দেখিছেনে?” তেওঁৰ এই মন্তব্যই বিতৰ্ক অধিক তীব্ৰ কৰি তোলে।
বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে ৰাহুল গান্ধীক বিদেশী শক্তি আৰু জৰ্জ ছ’ৰ’ছৰ পুতলা বুলি অভিহিত কৰি ভাৰতক অস্থিৰ কৰাৰ অভিযোগ উত্থাপন কৰে। আনহাতে, বিজেপি নেতা শ্বাহনৱাজ হুছেইনেও ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশীৰ হস্তক্ষেপৰ বিৰোধিতা কৰে।
ইয়াৰ বিপৰীতে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কংগ্ৰেছৰ পক্ষত থিয় দি কয় যে দেশৰ গণতন্ত্ৰৰ অৱস্থা আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ বিষয় হ’ব পাৰে। এতিয়া প্ৰশ্ন হৈছে, এয়া গণতন্ত্ৰৰ সমৰ্থনত প্ৰতিবাদ নে ভাৰতক অপমান কৰাৰ ৰাজনৈতিক কৌশল? এই বিতৰ্কই দেশৰ ৰাজনীতিত নতুন সংঘাতৰ সূচনা কৰিছে।
