আমেৰিকাৰ আকাশত বিমান সংকট! ৪০০০ৰো অধিক বিমান বাতিল, ১০ হাজাৰৰো অধিক পলম, হঠাতেই হ’ল কি?
বিমানবন্দৰত যাত্ৰীৰ ভিৰ, হাতত টিকট, চকু বিমানৰ সময়সূচীৰ ওপৰত, কিন্তু বিমান উৰাৰ উম-ঘামেই নাই। এখন-দুখন নহয়, হাজাৰ হাজাৰ বিমানৰ যাত্ৰা বাতিল। আনহাতে, বহু বিমান ঘণ্টাৰ পিছত ঘণ্টা পলম। আমেৰিকাৰ আকাশত সৃষ্টি হৈছে ভয়ংকৰ বিমান সংকট।
১৩ নৱেম্বৰত আমেৰিকাৰ Federal Aviation Administration (FAA)-এ দেশজুৰি প্ৰায় সকলো বিমানৰ উৰণ সাময়িকভাৱে বন্ধ কৰি দিবলগীয়া হয়। প্ৰায় চাৰে চাৰি ঘণ্টা ধৰি চলা এই Ground Stop-ৰ ফলত বিমান যাতায়াতত সৃষ্টি হয় ব্যাপক বিশৃংখলতা। ১৪ নৱেম্বৰলৈকে হাজাৰ হাজাৰ বিমান বাতিল আৰু পলম হোৱাৰ খবৰ পোৱা গৈছে।
কিন্তু প্ৰশ্নটো হ’ল, আমেৰিকাৰ দৰে উন্নত দেশত হঠাৎ কিয় বন্ধ হ’ল বিমান সেৱা?
এই সংকটৰ আঁৰত আছে আমেৰিকাৰ বিমান নিয়ন্ত্ৰণ ব্যৱস্থাৰ কাৰিকৰী বিজুতি। FAA-ৰ পুৰণি যোগাযোগ ব্যৱস্থাৰ ছুইচ আৰু ৰাউটাৰত অত্যধিক ডাটা জমা হোৱাৰ ফলত বিমান নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ মাজত যোগাযোগত সমস্যা সৃষ্টি হয়। ফলত বিমানৰ ৰাডাৰ আৰু যোগাযোগ ব্যৱস্থাৰ তথ্যত বিসংগতি দেখা দিয়ে।
আচলতে সেই সময়তে এটা ঠিকাদাৰী সংস্থাই পুৰণি কপাৰ তাঁৰৰ সলনি ফাইবাৰ অপটিক সংযোগ স্থাপনৰ কাম কৰি আছিল। এই কামৰ সময়ত ৰাউটাৰৰ সমস্যাই সমগ্ৰ নেটৱৰ্কত প্ৰভাৱ পেলোৱা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।
পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত FAA-ই বিমানৰ উৰণ বন্ধ কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে ইতিমধ্যে আকাশত থকা বিমানসমূহক গন্তব্যস্থানত অৱতৰণৰ অনুমতি দিয়া হৈছিল।
আনহাতে, এই বিষয়টোক লৈ চাইবাৰ আক্ৰমণৰ সন্দেহো সৃষ্টি হৈছিল। কিন্তু প্ৰাৰম্ভিক তদন্তত চাইবাৰ আক্ৰমণৰ কোনো প্ৰমাণ পোৱা নাই বুলি বিষয়াসকলে জনাইছে। ১৪ নৱেম্বৰত FAA-ই ব্যৱস্থা সুস্থিৰ বুলি জনালেও বিমানৰ সময়সূচী স্বাভাৱিক হ’বলৈ দেওবাৰ পৰ্যন্ত সময় লাগিব পাৰে বুলি সতৰ্ক কৰি দিয়ে।
