Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৫৪২- ইংলেণ্ডৰ হাৱাইৰ ৰাণী কেথেৰিনক মৃত্যুদণ্ড দিয়া হয়।

১৬০১- জন লেংকেষ্টাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমটো লণ্ডন যাত্ৰাৰ নেতৃত্ব দিয়ে।

১৬৩৩- ইটালীৰ জ্যোতিৰ্বিজ্ঞানী গেলিলিওক ৰোমত উপস্থিত হোৱাৰ লগে লগে গ্ৰেপ্তাৰ কৰা হয়।

১৬৮৮- স্পেইনে পৰ্তুগালক পৃথক জাতি হিচাপে স্বীকৃতি দিয়ে।

১৬৮৯- উইলিয়াম আৰু মেৰীক ইংলেণ্ডৰ যৌথ শাসক হিচাপে ঘোষণা কৰা হয়।

১৬৯৩- আমেৰিকাৰ ভাৰ্জিনিয়াত কলেজ অৱ উইলিয়াম এণ্ড মেৰী মুকলি কৰা হয়।

১৭৩৯- আজিৰ দিনটোতে কৰ্ণাল যুদ্ধত নাদিৰ শ্বাহৰ সৈন্যই মোগল শাসক মহম্মদ শ্বাহৰ সৈন্যক পৰাস্ত কৰে।

১৭৮৮- ভাৰতত সংঘটিত অত্যাচাৰৰ বাবে ইংলেণ্ডত ৱাৰেন হেষ্টিংছৰ বিচাৰ।

১৭৯৫- উত্তৰ কেৰ’লিনাত আমেৰিকাৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় মুকলি কৰা হয়।

১৮৫৬- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লক্ষ্ণৌ আৰু আৱধক নিজৰ অধীনলৈ আনে।

১৮৮০- থমাছ এডিচনে এডিচন ইফেক্ট নিশ্চিত কৰে।

১৯২০- আমেৰিকাত নিগ্ৰো নেচনেল লীগ অৱ বেছবল প্ৰতিষ্ঠা হয়।

১৯৩১- নতুন দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।

১৯৬৬- ছোভিয়েট ইউনিয়নে পূব কাজাখস্তানত পাৰমাণৱিক পৰীক্ষা অনুষ্ঠিত কৰে।

১৯৭৪- বিৰোধী নোবেল বঁটা বিজয়ী আলেকজেণ্ডাৰ ছলজেনিটচিনক ছোভিয়েট ইউনিয়নৰ পৰা বহিষ্কাৰ কৰা হয়।

১৯৭৫- তুৰস্কই উত্তৰ চাইপ্ৰাছত সুকীয়া প্ৰশাসন স্থাপন কৰে।

১৯৮৪- প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৌসেনাৰ বাবে মুম্বাইত মাজাগন ডক উদ্বোধন কৰে।

১৯৮৮- আজিৰ দিনটোতে বাংলাদেশত ৰাষ্ট্ৰপতি হুছেইন মহম্মদ এৰছাদক উৎখাত কৰিবলৈ বিৰোধী প্ৰতিবাদকাৰীৰ অভিযানত শতাধিক লোক আহত হয়।

১৯৯০- আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সে জাৰ্মানীক পুনৰ একত্ৰিত কৰিবলৈ সন্মত হয়।

২০০১- মহাকাশত প্ৰথমখন মানৱবিহীন মহাকাশযান “ইৰ’ছ” গ্ৰহাণুত অৱতৰণ কৰে।

২০০২- পাৰ্ল হাইজেকিং গোচৰৰ মূল সন্দেহযুক্ত ওমৰ শ্বেখক লাহোৰত গ্ৰেপ্তাৰ কৰা হয়; ইৰাণত বিমান দুৰ্ঘটনাত ১১৭ জনৰ মৃত্যু।

২০০৩- যশ চোপ্ৰাই দাদাচাহেব ফাল্কে বঁটা লাভ কৰে।

২০০৪- কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে স্বৰ্ণ পদক লাভ কৰে।

২০০৭- উত্তৰ কোৰিয়াই নিজৰ পাৰমাণৱিক কাৰ্যসূচী স্থগিত ৰাখিবলৈ সন্মত হয়।

২০০৮- পাকিস্তানে গাজনাভি চুটি দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে।

২০০৯- ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱে ২০০৯-১০ চনৰ অন্তৱৰ্তীকালীন ৰে’ল বাজেট দাখিল কৰে। উত্তৰ প্ৰদেশ বিধানসভাই ২০০৯-১০ বিত্তীয় বৰ্ষৰ বাবে ১২,০৯৪ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে।

২০১০- আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ পুনেৰ ইহুদী পূজাস্থলীৰ সমীপৰ বেকাৰী এখনত সন্ধিয়া বোমা বিস্ফোৰণত ৫ গৰাকী মহিলা আৰু এগৰাকী বিদেশী নাগৰিককে ধৰি ৯ জন লোক নিহত হোৱাৰ লগতে ৫৩ জন লোক আহত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *