Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

চৰকাৰী ভ্ৰমণসূচীৰে চাৰিখন ৰাষ্ট্ৰলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেক্সিকোৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লাউডিয়া শ্বেনবাউমৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব।

তদুপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে গ্ৰেণাডা, বাৰ্বাড’ছ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাত কেইবাখনো দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী বিদেশ মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰেণাডা ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ চিকাগো চহৰতো এনিশা কটাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.