Saturday, 14 November 2026
Latest
ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…
Top News

ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!

দুবছৰতকৈ অধিক সময়ৰ নিৰ্বাসিত জীৱনৰ অন্ত পেলাই অৱশেষত নিজৰ দেশলৈ উভতিব নেকি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা? ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে হাছিনাই। কিন্তু তেওঁৰ এই প্ৰত্যাৱৰ্তনৰ পথ ইমান সহজ নহয়। কাৰণ, শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰতে আগবঢ়াইছে দুটা বিশেষ চৰ্ত। এই চৰ্ত দুটাই এতিয়া ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্কত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

২০২৪ চনৰ ৫ আগষ্ট। ছাত্ৰ আন্দোলনৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ক্ষমতাচ্যুত হৈছিল শ্বেখ হাছিনাৰ চৰকাৰ। পৰিস্থিতি ভয়ংকৰ হৈ পৰাত বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল হাছিনাই। তাৰ পিছৰে পৰা ভাৰততে আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

কিন্তু এতিয়া তেওঁ নিজৰ দেশলৈ উভতি যোৱাৰ সিদ্ধান্তত অটল। আনকি গ্ৰেপ্তাৰ, কাৰাবাস অথবা মৃত্যুৰ আশংকা থাকিলেও বাংলাদেশলৈ উভতিব বুলি স্পষ্ট কৰিছে হাছিনাই। শেহতীয়াকৈ বাংলাদেশৰ দূতাবাসৰ পৰা নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ বিচাৰি আবেদনো জনাইছে তেওঁৰ অধিবক্তাসকলে। অৱশ্যে বাংলাদেশ চৰকাৰে সেই আবেদন নাকচ কৰিছে।

ইফালে এক প্ৰতিবেদন অনুসৰি, হাছিনাৰ প্ৰত্যাৱৰ্তনক লৈ ভাৰতৰ দুটা চৰ্ত আছে।

প্ৰথম চৰ্ত: ২০২৪ চনত বাংলাদেশ সেনাৰ বিমানত ভাৰতলৈ আহিছিল হাছিনা। সেয়েহে এইবাৰো বাংলাদেশ সেনাই তেওঁক ঘূৰাই নিব লাগিব। হয় সামৰিক বিমানেৰে দিল্লীৰ পৰা, নহয় স্থল সীমান্তত সেনাই তেওঁক গ্ৰহণ কৰিব লাগিব।

দ্বিতীয় চৰ্ত: বাংলাদেশত মৃত্যুদণ্ডৰ সন্মুখীন হোৱা হাছিনাক আপীল কৰাৰ সুযোগ দিব লাগিব। লগতে ২০২৪ চনৰ জুলাইৰ আন্দোলনৰ সময়ৰ হত্যাকাণ্ডৰ অভিযোগত তেওঁৰ গোচৰৰ পুনৰ বিচাৰ নিশ্চিত কৰিব লাগিব।

কিন্তু মন কৰিবলগীয়া যে ভাৰত চৰকাৰে এই দুটা চৰ্তৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। বৈদেশিক মন্ত্ৰালয়ে বিষয়টোক আইনী বিষয় বুলি উল্লেখ কৰিছে।

এতিয়া প্ৰশ্ন এটাই- ভাৰতৰ চৰ্ত মানি ল’বনে বাংলাদেশ চৰকাৰে? নে ডিচেম্বৰতো অনিশ্চয়তাৰ মাজতে ৰৈ যাব শ্বেখ হাছিনাৰ স্বদেশ প্ৰত্যাৱৰ্তন? দক্ষিণ এছিয়াৰ ৰাজনীতিত এতিয়া সকলোৰে দৃষ্টি এই ঘটনাৰ ওপৰত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.