কুকুৰ বা মেকুৰীৰ দৰে পোহনীয়া জন্তু পালন কৰা মালিকসকলে এতিয়াৰে পৰা অধিক সাৱধান হ’ব লাগিব। কাৰণ পোহনীয়া জন্তুক ৰাজপথ বা ৰাজহুৱা স্থানত পৰিত্যাগ কৰিলে ২৫,০০০ টকালৈকে জৰিমনা ভৰিব লাগিব। এই ব্যৱস্থা বৃহত্তৰ চেন্নাই নিগমে (GCC) কাৰ্যকৰী কৰিছে।
নিগমৰ ওচৰলৈ বিগত সময়ছোৱাত এনে বহু অভিযোগ আহিছিল যে বহু লোকে পোহনীয়া জন্তু পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ লোৱাৰ পাছতো কোনো কাৰণত সেই জন্তুক ৰাজপথত এৰি দিয়ে। এই সমস্যা ৰোধ কৰাৰ লগতে পোহনীয়া জন্তুৰ মালিকসকলক দায়বদ্ধ কৰাৰ বাবেই জৰিমনাৰ ব্যৱস্থা কৰা হৈছে।
এই ব্যৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে মাইক্ৰ’চিপ। অনুজ্ঞাপত্ৰপ্ৰাপ্ত পোহনীয়া জন্তুৰ শৰীৰত মাইক্ৰ’চিপ সংস্থাপন কৰা হয়। ইয়াত মালিকৰ নাম, ঠিকনা আৰু জন্তুটোৰ জলাতংক বিৰোধী টিকাকৰণৰ দৰে তথ্য সংৰক্ষিত থাকে। ফলত কোনো পোহনীয়া জন্তু ৰাজহুৱা স্থানত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হ’লে মাইক্ৰ’চিপৰ জৰিয়তে ইয়াৰ মালিকক চিনাক্ত কৰিব পৰা যাব।
চেন্নাই চহৰৰ সীমাৰ ভিতৰত পোহনীয়া জন্তু পালন কৰা মালিকসকলে অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক। নগৰীয়া স্থানীয় সংস্থা আইন, ১৯৯৮ৰ ২৯২ নং ধাৰা আৰু ২০২৩ চনত প্ৰণয়ন কৰা নিয়মৰ অধীনত এই ব্যৱস্থা বলবৎ কৰা হৈছে।
GCC-এ ২০২৫ চনৰ অক্টোবৰ মাহত অনলাইন পোহনীয়া জন্তুৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা আৰম্ভ কৰিছিল। চলিত বৰ্ষৰ জুলাইলৈকে ৭৮,২৩২জন পোহনীয়া জন্তুৰ মালিকক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। নতুন জৰিমনাৰ ব্যৱস্থাই পোহনীয়া জন্তু পৰিত্যাগৰ ঘটনা হ্ৰাস কৰাৰ লগতে মালিকসকলক অধিক দায়িত্বশীল কৰাৰ লক্ষ্য লৈছে।








