Saturday, 14 November 2026
Latest
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক

১৬৮১- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগক পৃথক ৰাজ্য ঘোষণা কৰে।

১৯২২- ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে (বিবিচি) ব্ৰিটেইনত ৰেডিঅ’ সেৱা আৰম্ভ কৰি ব্ৰিটেইনত ৰেডিঅ’ সম্প্ৰচাৰ কৰা প্ৰথমটো সংস্থা হিচাপে পৰিগণিত হয়।

১৯৭৩- ব্ৰিটেইনৰ ৰাজকুমাৰী এন্নে এজন সাধাৰণ মানুহৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰজাঘৰত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল।

১৯৯৯- এমাহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ওছামা বিন লাডেনক আমেৰিকা বা তৃতীয় দেশক গতাই নিদিয়াৰ বাবে ৰাষ্ট্ৰসংঘই তালিবানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কমনৱেলথ সন্মিলনে (ডাৰবান, দক্ষিণ আফ্ৰিকা) পাকিস্তানক নিলম্বন কৰাৰ কথা ঘোষণা কৰে।

২০০২- চীনৰ ৰাষ্ট্ৰপতি জিয়াং জেমিনে পদৰ পৰা পদত্যাগ কৰে।

২০০৬- ভাৰত আৰু পাকিস্তানৰ বৈদেশিক সচিবে নতুন দিল্লীত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা স্থাপন কৰিবলৈ সন্মত হয়।

২০০৭- ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী এণ্ডাৰছ ফগ ৰাছমুচেনে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে।

২০০৮- আজিৰ দিনটোতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা অজিত পাঞ্জাৰ মৃত্যু। মুন ইমপেক্ট প্ৰ’ব চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰে। ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সামৰণি।

২০০৯- জয়পুৰৰ বানচখো গেটৰ সমীপত মন্দোৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰেলৰ পোন্ধৰটা ডবা ৰেলপথৰ পৰা ওলাই যায়। দুৰ্ঘটনাত ৬ জন যাত্ৰী নিহত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.