No Result
View All Result
মেৰিলেণ্ডৰ জইণ্ট বেছ এণ্ড্ৰুজত হেলিকপ্টাৰৰ পৰা নামি অহাৰ সময়ত হঠাৎ উজুটি খাই পৰে আমেৰিকাৰ দ্বিতীয় মহিলা উছা ভ্যান্স। সেই সময়ত তেওঁৰ কোলাত বেবী কেৰিয়াৰত বান্ধি থোৱা আছিল মাত্ৰ ন সপ্তাহৰ পুত্ৰ এলেক নীল ভ্যান্স। ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যাপক চৰ্চা আৰম্ভ হয়।
এই ভিডিঅ’টোত দেখা যায়, উছা ভ্যান্সে হেলিকপ্টাৰৰ চিৰিৰে তললৈ নামি আহি থকা সময়ত হঠাতে ভাৰসাম্য হেৰুৱায়। অৱশ্যে তেওঁ লগে লগে ৰেলিংখন ধৰি নিজকে সামৰি লয়। তাৰ পিছত সন্তানটো ঠিক আছে নে নাই সেয়া লক্ষ্য কৰি স্বাভাৱিকভাৱে আগবাঢ়ি যায়। ঘটনাটোত উছা বা তেওঁৰ নৱজাতক সন্তান আহত হোৱা বুলি কোনো তথ্য প্ৰকাশ পোৱা নাই।
ঘটনাটোৰ পিছত আন এটা বিষয়ক লৈও ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হয়। ওচৰতে কেইবাজনো সামৰিক কৰ্মী উপস্থিত থকাৰ পিছতো তেওঁলোকে কিয় সহায় কৰিবলৈ আগবাঢ়ি নাহিল- সেয়া লৈ চৰ্চা চলে। অৱশ্যে ভিডিঅ’টোত সামৰিক কৰ্মীসকলৰ দায়িত্ব বা সেই মুহূৰ্তৰ নিৰ্দিষ্ট প্ৰট’কল স্পষ্ট নহয়।
পিছত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে কন্যা মিৰাবেলৰ সৈতে হেলিকপ্টাৰৰ পৰা নামি আহে। পৰিয়ালটো তাৰ পিছত আলাস্কালৈ যাত্ৰা কৰে। প্ৰায় ৭.৫ ঘণ্টীয়া এই ভ্ৰমণত নৱজাতক সন্তানক লগত লৈ যোৱাৰ কথাও চৰ্চালৈ আহে।
No Result
View All Result