চীনৰ সহায়ত পাকিস্তানত চলি থকা বৃহৎ বান্ধ নিৰ্মাণ প্ৰকল্পত হঠাৎ বিপৰ্যয়। নিৰ্মাণৰত বান্ধৰ এটা অংশ খহি পৰাৰ ফলত জলাশয়ত সৃষ্টি হ’ল বানপানীৰ পৰিস্থিতি। ঘটনাৰ পিছতে প্ৰকল্পস্থলীত বন্ধ কৰি দিয়া হৈছে নিৰ্মাণৰ কাম। এই ঘটনাই পুনৰবাৰ প্ৰশ্নৰ সন্মুখলৈ আনিছে পাকিস্তানৰ বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ সুৰক্ষা আৰু নিৰ্মাণৰ মানদণ্ডক।
পাকিস্তানৰ দৰে বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ আশংকা থকা দেশত বান্ধ নিৰ্মাণৰ কাম অত্যন্ত গুৰুত্বপূৰ্ণ। বিদ্যুৎ উৎপাদন, জলসিঞ্চন আৰু পানী সংৰক্ষণৰ লক্ষ্যৰে দেশখনত বিভিন্ন বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰে কিছুমান প্ৰকল্পত চীনৰ বিনিয়োগ আৰু কাৰিকৰী সহযোগিতা আছে।
পাকিস্তানৰ তাৰবেলা বান্ধৰ পঞ্চম সম্প্ৰসাৰণ প্ৰকল্পত সংঘটিত হৈছে এই ঘটনা। ৯ নৱেম্বৰত নিৰ্মাণস্থলীত সুৰক্ষামূলক বান্ধৰ এটা অংশ খহি পৰাৰ ফলত জলাশয়ৰ পানী তীব্ৰ বেগেৰে সুৰংগ আৰু নিৰ্মীয়মাণ বিদ্যুৎগৃহৰ এলেকাত সোমাই পৰে। আনহাতে, পাকিস্তানৰ জল আৰু বিদ্যুৎ উন্নয়ন কৰ্তৃপক্ষ WAPDA-ৰ মতে, সুৰংগ খান্দি থকাৰ সময়ত দুৰ্বল শিলাস্তৰ খহি পৰাৰ ফলতেই এই বিপৰ্যয় সংঘটিত হয়।
ঘটনাৰ পিছতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সকলো শ্ৰমিকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। এজন শ্ৰমিক পানীৰ সোঁতত উটি যোৱাৰ পিছত উদ্ধাৰ কৰা হয় বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে। অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাই। নিৰ্মাণস্থলীৰ পৰা পানী নিষ্কাশনৰ কাম আৰম্ভ কৰা হৈছে আৰু ক্ষয়-ক্ষতিৰ মূল্যায়ন চলি আছে।
এই প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ দায়িত্বত আছে চীনৰ Power Construction Corporation। প্ৰকল্পটোৰ জৰিয়তে তাৰবেলা বান্ধৰ বিদ্যুৎ উৎপাদন ক্ষমতা ১,৫৩০ মেগাৱাট বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে ৫১০ মেগাৱাট ক্ষমতাৰ তিনিটা নতুন বিদ্যুৎ উৎপাদন ইউনিট স্থাপন কৰা হ’ব।