ব্ৰিকছ সন্মিলনৰ পিছতে ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহী, অৰ্থাৎ ইউ এ ইৰ মাজৰ কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা তীব্ৰ হৈছে। ভাৰতত ২৫ বিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত নতুন বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ইউ এ ইয়ে। বিশেষকৈ শক্তি খণ্ডত দুয়োখন দেশে সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে।
মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতে ইউ এ ইয়ে ভাৰতৰ কৌশলগত পেট্ৰলিয়াম মজুত, এল পি জি, এল এন জি আৰু সাগৰৰ তলৰ গেছ পাইপলাইন প্ৰকল্পত বিনিয়োগৰ পৰিকল্পনা কৰিছে। একে সময়তে ইউ এ ইত ভাৰতীয় বিনিয়োগ ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যও লৈছে দুয়োখন দেশে।
ভাৰত আৰু ইউ এ ইৰ মাজত শক্তিৰ ক্ষেত্ৰত এক নতুন ‘শক্তি দলং’ গঢ়ি তোলাৰ প্ৰচেষ্টা চলিছে। সাগৰৰ তলৰ পাইপলাইনৰ জৰিয়তে তেল আৰু গেছ যোগানৰ সম্ভাৱনাও পৰীক্ষা কৰা হৈছে। ভাৰতৰ কৌশলগত পেট্ৰলিয়াম মজুত সম্প্ৰসাৰণতো ইউ এ ইয়ে সহযোগিতা আগবঢ়াব পাৰে।
ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো দুয়োখন দেশৰ লক্ষ্য বৃহৎ। ২০৩২ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ২০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বন্দৰ, জাহাজ নিৰ্মাণ, মহাকাশ, খাদ্য সুৰক্ষা, লজিষ্টিক, ফিনটেক আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে খণ্ডতো বিনিয়োগ বৃদ্ধিৰ প্ৰচেষ্টা চলিছে।
ভাৰত-ইউ এ ইৰ দ্বিপাক্ষিক বাণিজ্য ২০২৬ বিত্তীয় বৰ্ষত ১০১.২৪ বিলিয়ন ডলাৰত উপনীত হৈছে। ইউ এ ইৰ পৰা ভাৰতে মূলতঃ খাৰুৱা তেল, সোণ, পেট্ৰলিয়াম গেছ আৰু বহুমূলীয়া শিল আমদানি কৰে। আনহাতে, ভাৰতে ইউ এ ইলৈ শাক-পাচলি, ফল, মছলা, চাউল, চেনি, শুকান ফল আৰু উদ্ভিদ তেল ৰপ্তানি কৰে।








