Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

ব্যৱসায়ী-শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

মেষ-বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।

বৃষ- আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ।

মিথুন-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।

কৰ্কট- সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল।

সিংহ-আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যাই দেখা দিব পাৰে।

কন্যা- আজি আপোনাৰ মাজত সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। পুৰণি বন্ধুৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে।

তুলা-এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি আৰু খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ।

বৃশ্চিক- প্ৰেম প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত ভাল। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব। ব্যৱসায়ীসকলৰ বাবেও দিনটো শুভ।

ধনু-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।

মকৰ- আশাবাদী হঁওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি তেওঁলোকে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহ’লে আৰ্থিক লোকচান হোৱাৰ আশাংকা আছে।

কুম্ভ-নতুন বন্ধুৰ সৈতে ভ্ৰমণৰ যোগ। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ যতন ল’ব।

মীন-প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *