মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…
এতিয়াৰে পৰা গাড়ীৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লাখ লাখ টকাৰ বৃহৎ ফ্লীট(একেলগে থকা বা ব্যৱসায়ত ব্যৱহাৰ কৰা কেইবাখনো গাড়ীৰ সমষ্টি)ৰ প্ৰয়োজন নহয়। মাত্ৰ ৫খন গাড়ী থাকিলেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়। কেৱল সেয়াই নহয়, এখন লাইচেন্স লৈ সমগ্ৰ ৰাজ্যতে চলাব পাৰিব আপোনাৰ কেবৰ ব্যৱসায়। সৰু ব্যৱসায়ী আৰু নতুন উদ্যোগীসকলৰ বাবে এয়া হ’ব পাৰে এক ডাঙৰ সুযোগ।
ৰেণ্টেল কেবৰ ব্যৱসায় অধিক সহজ আৰু সুলভ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে আনিবলৈ লৈছে নতুন পৰিৱৰ্তন। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি, এতিয়ালৈকে এই ব্যৱসায় আৰম্ভ কৰিবলৈ কমেও ৫০খন গাড়ীৰ প্ৰয়োজন হৈছিল। কিন্তু নতুন প্ৰস্তাৱত এই সংখ্যা হ্ৰাস কৰি মাত্ৰ ৫খন কৰাৰ কথা কোৱা হৈছে।
আনহাতে, ব্যৱসায় চলাবলৈ ৰাজ্যৰ বিভিন্ন স্থানত পৃথক পৃথক লাইচেন্স লোৱাৰ প্ৰয়োজন নাথাকিব। এটা ইলেক্ট্ৰনিক লাইচেন্সৰ জৰিয়তেই সমগ্ৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত চলাব পাৰিব ব্যৱসায়। আনকি পাঁচখন পৰ্যটন চহৰত শাখা কাৰ্যালয় খোলাৰ বাধ্যবাধকতা আঁতৰোৱাৰো প্ৰস্তাৱ দিয়া হৈছে।
কেৱল ব্যৱসায়ৰ সুবিধাই নহয়, যাত্ৰীৰ সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। গাড়ীত লোকেচন ট্ৰেকিং ব্যৱস্থা, ফাৰ্ষ্ট এইড কিট আৰু চালকৰ পৰিচয় পৰীক্ষা বাধ্যতামূলক কৰাৰ কথা উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰি, লাইচেন্স প্ৰদান আৰু নবীকৰণৰ বাবে ৬০ দিন আৰু ব্যৱসায়ৰ স্থান বা গাড়ীৰ সংখ্যা সলনিৰ আবেদনৰ বাবে ৩০ দিনৰ সময়সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়া হৈছে। এতিয়া প্ৰশ্ন হ’ল—এই নতুন নিয়ম কাৰ্যকৰী হ’লে সৰু উদ্যোগীসকলৰ বাবে কেবৰ ব্যৱসায়ৰ দুৱাৰ কিমান মুকলি হ’ব?
