ভাৰতীয় মহাকাব্যৰ কাহিনী এইবাৰ ৰূপালী পৰ্দাত। ভগৱান ৰাম আৰু ৰাৱণৰ কাহিনীক লৈ নিৰ্মিত বহু প্ৰত্যাশিত ছবি ‘ৰামায়ণ’ক কেন্দ্ৰ কৰি দৰ্শকৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসাহ। ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বেই আগতীয়া টিকট বুকিঙত ছবিখনে লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। প্ৰশ্ন হৈছে, মুক্তিৰ পূৰ্বেই কিমান কোটি টকা উপাৰ্জন কৰিলে ৰণবীৰ কাপুৰ আৰু যশ অভিনীত এই ছবিখনে?
ছবিখনৰ প্ৰি-চেলৰ পৰিসংখ্যাই দৰ্শকৰ আগ্ৰহৰ এক স্পষ্ট ছবি দাঙি ধৰিছে। এক প্ৰতিবেদন অনুসৰি, ভাৰতত ৪,৬৫৮টা শ্ব’ৰ বাবে প্ৰায় ২.৬২ লাখ টিকটৰ আগতীয়া বুকিং সম্পন্ন হৈছে। মুক্তিৰ পূৰ্বে ছবিখনৰ বুকিঙে দৰ্শকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে।। ব্লক কৰা আসনসমূহকে ধৰি ছবিখনৰ আগতীয়া বুকিঙৰ সংগ্ৰহ ১১.৭৮ কোটি টকা। আনহাতে, ব্লক কৰা আসনৰ মূল্য বাদ দিলে সংগ্ৰহৰ পৰিমাণ হৈছে ৯.৫৬ কোটি টকা।
ছবিখন ৫ নৱেম্বৰ, ২০২৬ত ছবিগৃহত মুক্তি পোৱাৰ কথা। অগ্ৰিম বুকিঙৰ এই গতি অব্যাহত থাকিলে মুক্তিৰ দিনা ছবিখনে বক্স অফিচত কেনে প্ৰদৰ্শন কৰে, সেয়া লক্ষণীয় হ’ব।
ৰাজ্যভিত্তিক পৰিসংখ্যাত ২.৫৭ কোটি টকাৰ প্ৰি-চেল সংগ্ৰহেৰে মহাৰাষ্ট্ৰ শীৰ্ষস্থানত আছে। ২.৩৫ কোটি টকাৰে দ্বিতীয় স্থানত দিল্লী, আনহাতে ১.৯০ কোটি টকাৰ সংগ্ৰহেৰে তৃতীয় স্থানত কৰ্ণাটক। চহৰভিত্তিক হিচাপতো দিল্লী-এনচিআৰে শীৰ্ষস্থান দখল কৰিছে।
ইফালে, আগতীয়া বুকিঙত হিন্দী থ্ৰীডি সংস্কৰণৰ আধিপত্য দেখা গৈছে। এই সংস্কৰণৰ ১.৩০ লাখ টিকট বিক্ৰীৰ বিপৰীতে সংগ্ৰহ হৈছে প্ৰায় ৬.৪১ কোটি টকা। হিন্দী আইমেক্স থ্ৰীডি সংস্কৰণেও ২.৬৩ কোটি টকা সংগ্ৰহ কৰিছে।
নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ছবিখনত ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত সাই পল্লৱী আৰু ৰাৱণৰ চৰিত্ৰত যশক দেখা যাব। ৫ নৱেম্বৰ, ২০২৬ত মুক্তিৰ লক্ষ্যৰে ছবিখনে এতিয়াই সৃষ্টি কৰিছে ব্যাপক চৰ্চা। এতিয়া সকলোৰে দৃষ্টি মুক্তিৰ দিনটোৰ বক্স অফিচৰ ফলাফললৈ।