Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

আপোনাৰ দিনটো ৰাশিফল অনুসৰি কেনে যাব, জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ-আজি দিনটোত আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা যদি ভাবি আছে, তেন্তে আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন। বিদ্যাত শুভ। শুভ নম্বৰ-৭, শুভ ৰং-নীলা

বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু সামঞ্জস্যতা থাকিব। শুভ নম্বৰ-৭, শুভ ৰং-সোণালী

মিথুন-আজিৰ দিনটো মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হব। বিদ্যাত সুনাম বৃদ্ধি পাব। ব্য়ৱসায়ত মধ্যম। শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা

কৰ্কট-আজিৰ দিনটোত  এই ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে৷ পদোন্নতি, প্ৰশংসা প্ৰাপ্তিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-ৰঙা

সিংহ-ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। কৰ্ম সম্পৰ্কীয় সিদ্ধান্তবোৰ গোপনে ৰাখক। শুভ নম্বৰ-৩, শুভ ৰং-পাতল গুলপীয়া

কন্যা-আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব। ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। বিনিয়োগৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া

তুলা-শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে লক্ষণীয় সফলতা লাভ কৰিব। পুৰণি ৰোগৰ উন্মেষ ঘটিব পাৰে। কামত সাৱধানতা অৱলম্বন কৰিব। যাত্ৰাত খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। শুভ নম্বৰ-৫, শুভ ৰং-মটিয়া

বৃশ্চিক-স্থায়ী সম্পত্তিৰ কামৰ পৰা আপুনি বিপুল সুবিধা লাভ কৰিব পাৰে। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। শুভ নম্বৰ-১, শুভ ৰং-ৰঙা

ধনু-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ নম্বৰ-৯, শুভ ৰং-হালধীয়া

মকৰ-আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব। আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে ৰাখিব। শুভ নম্বৰ-৪, শুভ ৰং-সুমথিৰা

কুম্ভ-সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত সম্পূৰ্ণ ইতিবাচক হৈ থাকিব। আৰ্থিক লাভৰ যোগ আছে ।শুভ নম্বৰ-৫, শুভ ৰং-বগা আৰু হালধীয়া

মীন-আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-নীলা

Leave a Reply

Your email address will not be published. Required fields are marked *