Sunday, 15 November 2026
Latest
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলদিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…
Top News

ৱাকফ আইনক লৈ ডাঙৰ খবৰ; ৫ মে’ত পৰৱৰ্তী শুনানি

প্ৰতিনিধিত্বমূলক চিত্ৰ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ৱাকফ (সংশোধনী) আইন, ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে। বুধবাৰেও এই বিষয়ত শুনানি গ্ৰহণ কৰা হৈছিল।

মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৭ দিনৰ ভিতৰত ‘ৱাকফ বাই ইউজাৰ’ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। বৰ্তমান উচ্চতম ন্যায়ালয়ে ৱাকফ আইনৰ ওপৰত কোনো ধৰণৰ বাধা বা নিষেধাজ্ঞা আৰোপ কৰা নাই। কেন্দ্ৰক উত্তৰ দাখিল কৰিবলৈ ৭ দিনৰ সময় দিয়া হৈছে।

এই সময়ছোৱাত ‘ৱাকফ বাই ইউজাৰ’ত কোনো পৰিৱৰ্তন কৰা নহ’ব আৰু ৱাকফ ব’ৰ্ডত নতুন নিযুক্তিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আৱেদনকাৰীয়ে পাঁচ দিনৰ ভিতৰত কেন্দ্ৰৰ উত্তৰৰ উত্তৰ দাখিল কৰিব পাৰিব বুলি আদালতে উল্লেখ কৰিছে, তাৰ পিছত অন্তৱৰ্তীকালীন আদেশৰ বাবে বিষয়টো তালিকাভুক্ত কৰিব। এই গোচৰৰ পৰৱৰ্তী শুনানি ৫ মে’ত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.