শিক্ষকসকলৰ বাবে বিজেপি চৰকাৰে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। প্ৰধানমন্ত্ৰীৰ জন্মদিনত ঘৰে ঘৰে চাকি জ্বলাবলৈ যাব লাগিব শিক্ষকে। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ শিক্ষকসকলে আজি জ্বলাব লাগিব চাকি। আনকি চাকি জ্বলোৱা ভিডিঅ’ ফুটেজ গুগল ড্ৰাইভত আপলোড কৰাটোও বাধ্যতামূলক।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৬সংখ্যক জন্মদিন উপলক্ষে দিল্লীত আৰম্ভ হৈছে ‘সেৱা সংকল্প অভিযান’। এই অভিযানৰ অংশ হিচাপে ১৭ ছেপ্টেম্বৰত ‘আশীৰ্বাদৰ দিয়া’ নামৰ এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। দিল্লী চৰকাৰৰ ঘোষণামতে, প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে এমাহজোৰা বিভিন্ন সেৱামূলক আৰু জনসম্পৰ্কমূলক কাৰ্যসূচীও চলিব।
ইয়াৰ মাজতে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহক দিয়া এক নিৰ্দেশক লৈ সৃষ্টি হৈছে চৰ্চা। প্ৰতিবেদন অনুসৰি, ৰাজধানীৰ কমেও ৭৫খন চৰকাৰী CM Shri বিদ্যালয়ত চৌহদত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। লগতে দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ শিক্ষকসকল গৈ চাকি জ্বলোৱা আৰু আশীৰ্বাদ দিয়াৰ কাৰ্যসূচীতো অংশ ল’ব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
কেৱল কাৰ্যসূচী অনুষ্ঠিত কৰাই নহয়, বিদ্যালয়সমূহক এই কাৰ্যকলাপৰ ভিডিঅ’ ৰেকৰ্ড কৰি গুগল ড্ৰাইভত আপলোড কৰিবলৈও কোৱা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এই অনুষ্ঠানৰ বাবে মাটিৰ চাকি, কপাহ আৰু তেলকে ধৰি প্ৰয়োজনীয় সামগ্ৰী দিল্লীৰ ছত্ৰশাল ষ্টেডিয়ামৰ পৰা বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে নিৰ্দেশনা অনুসৰি এই সামগ্ৰীসমূহ কেৱল CM Shri বিদ্যালয়সমূহকহে যোগান ধৰা হৈছে। আন বিদ্যালয়সমূহে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ঘৰত চাকি জ্বলোৱাৰ বাবে নিজাববীয়াকৈ সামগ্ৰীৰ ব্যৱস্থা কৰিব লাগিব।
ইফালে ‘আশীৰ্বাদৰ দিয়া’ কাৰ্যসূচী কেৱল বিদ্যালয়তে সীমাৱদ্ধ নহয়। দিল্লী চৰকাৰে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া উপভোক্তাসকলক নিজ নিজ ঘৰত চাকি জ্বলাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাইও দিল্লীবাসীক সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত ‘আশীৰ্বাদৰ দিয়া’ জ্বলাবলৈ আহ্বান জনাইছিল। ইয়াৰ উপৰি ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা ‘সেৱা সংকল্প অভিযান’ত ৰক্তদান শিবিৰ, স্বাস্থ্য পৰীক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, বৃক্ষৰোপণ, বক্তৃতা, ছবি অঁকা আৰু ৰীল বনোৱা প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। প্ৰায় পাঁচ লাখ শিক্ষাৰ্থীক বিভিন্ন কাৰ্যসূচীত জড়িত কৰাৰ পৰিকল্পনাৰ কথাও দিল্লী চৰকাৰে প্ৰকাশ কৰিছে।
অৱশ্যে বিদ্যালয়সমূহৰ ক্ষেত্ৰত ‘আশীৰ্বাদৰ দিয়া’ কাৰ্যসূচীৰ পৰিসৰ আৰু কোন কোন বিদ্যালয়ত সকলো কাৰ্যসূচী বাধ্যতামূলক, সেই বিষয়ে উপলব্ধ নিৰ্দেশনাত কিছু অস্পষ্টতা আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।








