Sunday, 15 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

সামাজিক মাধ্যমত মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ হাতত আটক হ’ল সাহিত্যিক ইছমাইল হুছেইন। এগৰাকী মহিলাই মঙলদৈ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ইছমাইল হুছেইনক আটক কৰে আৰক্ষীয়ে।

মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে যোৰহাট গড় আলিৰ পৰা আটক কৰে হুছেইনক।

উল্লেখযোগ্য যে মহিলাগৰাকীয়ে ইছমাইল হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ বাবে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহৰৰ ভিত্তিতেই হুছেইনক আটক কৰে বুলি জানিব পৰা গৈছে।

ইছমাইল হুছেইনে কৰ্মসূত্ৰে গুৱাহাটীত থাকে যদিও আৰক্ষীয়ে মোবাইল লোকেশ্যনৰ ভিত্তিত যোৰহাটৰ গৰআলিৰ পৰা আটক কৰে।

কি কাৰণত যোৰহাটত আছিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান ইছমাইল হুছেইনক মঙলদৈ সদৰ আৰক্ষী থানাত আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.