হা*লা*ল মাং**স বিক্ৰী নকৰাৰ ঘোষণা, ৰেষ্টুৰেণ্টৰ বাহিৰত উত্তপ্ত পৰিস্থিতি! প্ৰতিবাদ, আৰক্ষীৰ কৰ্ডন, মালিকলৈ মৃ*ত্যু*ৰ ভাবুকি…
খাদ্যৰ পছন্দক লৈ এইবাৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে লণ্ডনত। এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ বাহিৰত শ শ লোকৰ প্ৰতিবাদ, আৰক্ষীৰ ব্যাপক নিৰাপত্তা ব্যৱস্থা আৰু ৰেষ্টুৰেণ্টৰ মালিকলৈ মৃত্যুৰ ভাবুকি! বিতৰ্কৰ কেন্দ্ৰবিন্দু এটাই- হালাল মাংস বিক্ৰী নকৰাৰ সিদ্ধান্ত।
প্ৰকাশিত বাতৰি অনুসৰি, পশ্চিম লণ্ডনৰ হামাৰস্মিথত অৱস্থিত এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ শিখ মালিক হৰমন সিং কাপুৰে নিজৰ ৰেষ্টুৰেণ্টত হালাল মাংস বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰেষ্টুৰেণ্টখনৰ বাহিৰত স্পষ্টকৈ লিখি দিয়া হৈছিল—“We proudly do not sell Halal” অৰ্থাৎ ‘আমি গৌৰৱেৰে হালাল খাদ্য বিক্ৰী নকৰোঁ’।
কিন্তু এই ঘোষণাই সৃষ্টি কৰিলে তীব্ৰ বিতৰ্কৰ। ৰেষ্টুৰেণ্টখনৰ বাহিৰত বৃহৎ সংখ্যক লোক সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। আনকি ৰেষ্টুৰেণ্টখন বন্ধ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়। ৰেষ্টুৰেণ্টখনৰ চাৰিওফালে আৰক্ষীয়ে কৰ্ডন গঠন কৰাৰ লগতে ব্যক্তিগত নিৰাপত্তাৰক্ষীও নিয়োগ কৰা হয়।
ইয়াৰ উপৰি ৰেষ্টুৰেণ্টৰ মালিকৰ ছ’চিয়েল মিডিয়া পোষ্টক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। মুছলমান, হালাল খাদ্য আৰু গাজাৰ সংঘাত সম্পৰ্কীয় মন্তব্যৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে। একাংশ লোকে ৰেষ্টুৰেণ্টখন বৰ্জনৰ আহ্বানো জনাইছে।
ইফালে, হৰমন সিং কাপুৰৰ দাবী, তেওঁ আৰু তেওঁৰ পৰিয়ালে শ শ মৃত্যুৰ ভাবুকি লাভ কৰিছে। প্ৰতিবাদৰ ফলত ব্যৱসায়তো যথেষ্ট লোকচান হৈছে। আৰক্ষীৰ পৰা বাৰে বাৰে সহায় বিচাৰিও পৰ্যাপ্ত নিৰাপত্তা নোপোৱাৰ অভিযোগো উত্থাপন কৰিছে তেওঁ।
এতিয়া প্ৰশ্ন এটাই—নিজৰ খাদ্যৰ নীতি নিৰ্ধাৰণ কৰাৰ অধিকাৰ আৰু প্ৰতিবাদৰ অধিকাৰৰ মাজত সীমাৰেখাডাল ক’ত? লণ্ডনৰ এই ঘটনাই খাদ্যৰ পছন্দ, ধৰ্মীয় সংবেদনশীলতা আৰু মত প্ৰকাশৰ স্বাধীনতাক লৈ নতুন বিতৰ্কৰ সূচনা কৰিছে।
