সমুদ্ৰৰ গভীৰতাত হালধীয়া ইটাৰ ৰাস্তা! কোনে নিৰ্মাণ কৰিলে এই পথ? ৰহস্য দেখি আচৰিত বিজ্ঞানীও…
পৃথিৱীৰ বুকুত এনে বহু ৰহস্য লুকাই আছে, যিবোৰে বিজ্ঞানীসকলকো আচৰিত কৰি তোলে। এইবাৰ তেনে এক আশ্চৰ্যকৰ আৱিষ্কাৰ হৈছে প্ৰশান্ত মহাসাগৰৰ গভীৰতাত। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১,০২৯ মিটাৰ তলত আৱিষ্কাৰ হৈছে এখন হালধীয়া ইটাৰে নিৰ্মিত ৰাস্তাৰ দৰে গঠন। দূৰৰ পৰা চালে এনে লাগে যেন কোনোবাই অতি পৰিকল্পিতভাৱে সমুদ্ৰৰ বুকুত এখন পথ নিৰ্মাণ কৰি থৈ গৈছে।
কিন্তু প্ৰশ্নটো হ’ল, জনবসতিহীন সমুদ্ৰৰ গভীৰতাত কোনে নিৰ্মাণ কৰিলে এই পথ?
২০২২ চনত অ’চেন এক্সপ্ল’ৰেচন ট্ৰাষ্টৰ গৱেষণা জাহাজ ই/ভি নটিলাছৰ অভিযানৰ সময়ত এই অদ্ভুত গঠনটো আৱিষ্কাৰ কৰা হৈছিল। প্ৰশান্ত মহাসাগৰৰ পাপাহানাউমোকুৱাকিয়া মেৰিন নেচনেল মনুমেণ্টৰ ভিতৰত নুটকা ছিমাউণ্টৰ ওচৰত এই দৃশ্য কেমেৰাত বন্দী হৈছিল।
গঠনটোৰ সোঁকোণীয়া ফাট আৰু নিয়মীয়া আৰ্হি দেখি বিজ্ঞানীসকলেও প্ৰথমে আচৰিত হৈছিল। ইয়াক ‘হালধীয়া ইটাৰ ৰাস্তা’ (Yellow Brick Road) বুলি নাম দিয়া হয়।
বিজ্ঞানীসকলৰ মতে, এয়া কোনো হেৰাই যোৱা সভ্যতাৰ নিদৰ্শন নহয়। বৰঞ্চ আগ্নেয়গিৰিৰ প্ৰাকৃতিক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এক বিশেষ ভূতাত্ত্বিক গঠন।
গৰম মেগমা ঠাণ্ডা সমুদ্ৰৰ পানীৰ সংস্পৰ্শলৈ আহিলে হাইল’ক্লাষ্টাইট নামৰ আগ্নেয়গিৰিৰ শিল সৃষ্টি হয়। সময়ৰ লগে লগে এই শিল ভাঙি আৰু পৰিৱৰ্তিত হৈ ইটাৰ দৰে আকৃতি লাভ কৰে।
হালধীয়া ৰঙৰ আঁৰৰ ৰহস্য কি?
বিজ্ঞানীসকলৰ মতে, আগ্নেয়গিৰিৰ কাঁচৰ ওপৰত কম উষ্ণতাৰ জলতাপীয় পৰিৱৰ্তনৰ ফলত আইৰণ অক্সিহাইড্ৰ’ক্সাইডৰ সৃষ্টি হয়। ইয়াৰ বাবেই শিলৰ পৃষ্ঠভাগ হালধীয়া হৈ পৰে।
কেৱল এই পথসদৃশ গঠনেই নহয়, অভিযানত ছ’লুম্বেলুলা প্ৰজাতিৰ এটা সাগৰীয় কলমো প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত দেখা আৰু সংগ্ৰহ কৰাৰ তথ্য লিপিবদ্ধ কৰা হৈছিল। অৰ্থাৎ, সমুদ্ৰৰ গভীৰতাত লুকাই আছে এনে এখন পৃথিৱী, যাৰ বহু ৰহস্য এতিয়াও মানুহৰ অগোচৰে।
