Friday, 13 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে স্বামীয়ে!

কৰ্ণাটকৰ বেংগালুৰুত এজন স্বামীয়ে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে। প্ৰথমে পত্নীক ডিঙি চেপি ধৰে আৰু তাৰ পিছত মুখত আঠা লগাই দিলে।

যেতিয়া মানুহজন নিশ্চিত হয় যে, তেওঁৰ পত্নীৰ মৃত্যু হৈছে, তেতিয়া তেওঁ পোনে পোনে থানালৈ যায় তাৰু তাতেই  তেওঁ আত্মসমৰ্পণ কৰি নিজৰ অপৰাধ স্বীকাৰ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে মহিলাগৰাকীয়ে উশাহ-নিশাহ লৈ থকা দেখা পায়। লগে লগে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও তেওঁৰ চিকিৎসা অব্যাহত আছে।

কৰ্ণাটকৰ নেলামংগলাৰ হাৰোক্যতনাহল্লী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি, ৩৮ বছৰীয়া কাঠমিস্ত্ৰী জি সিদ্ধলিঙে হত্যাৰ উদ্দেশ্যেৰে নিজৰ ৩৩ বছৰীয়া পত্নী মঞ্জুলাক আক্ৰমণ কৰে। প্ৰথমে মঞ্জুলাক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে। তাৰ পিছত মুখত আঠা লগাই দিলে। বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মঞ্জুলা।

আৰক্ষীৰ খবৰ অনুসৰি, দম্পতীহালৰ কোনো সন্তান নাই। স্বামীয়ে প্ৰায়ে মঞ্জুলাৰ চৰিত্ৰক লৈ সন্দেহ কৰিছিল। দেওবাৰে নিশা একেটা বিষয়তে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। মঞ্জুলাই শুই থাকোঁতে স্বামীয়ে প্ৰথমে ডিঙি চেপি ধৰিবলৈ চেষ্টা কৰে আৰু তাৰপিছত মুখত আঠা লগাই দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, মঞ্জুলাৰ মৃত্যু হোৱা বুলি ভাবি দেওবাৰে গভীৰ নিশা স্বামীয়ে মদনয়কনহল্লী থানালৈ গৈ আত্মসমৰ্পণ কৰে। স্বামীয়ে থানাত উপস্থিত হৈ কয় যে, তেওঁ নিজ পত্নীক হত্যা কৰিছে কিয়নো অন্যৰ সৈতে তেওঁৰ পত্নীৰ প্ৰেমৰ সম্পৰ্ক আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *