Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

অন্ত পৰিব যুদ্ধবিৰতিৰ! আকৌ আৰম্ভ হ’ব নেকি ইজৰাইল-হামাছৰ যুদ্ধ?

১১ ফেব্ৰুৱাৰীত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মঙলবাৰে কয় যে, যদিহে হামাছে ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত পণবন্দীসকলক মুকলি কৰি নিদিয়ে, তেন্তে ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰিব। নেতানিয়াহুৱে তেওঁৰ নিৰাপত্তা মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত কৰে।

বৈঠকৰ পিছত জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, যদি হামাছে ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকৰ পণবন্দীসকলক ঘূৰাই নিদিয়ে, তেন্তে যুদ্ধবিৰতিৰ অন্ত পৰিব আৰু হামাছৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক বাহিনীয়ে পুনৰ তীব্ৰ যুদ্ধ আৰম্ভ কৰিব।

এই ক্ষেত্ৰত হামাছে যুক্তি দৰ্শাই যে, ইজৰাইলে যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰাৰ বাবেই হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছে। ইয়াৰ ফলত যুদ্ধবিৰতি চুক্তি বিফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

যদিহে হামাছে সময়সীমাৰ ভিতৰত পণবন্দীসকলক মুকলি কৰি নিদিয়ে তেন্তে ইজৰাইলে বৃহৎ পৰিসৰৰ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে। ইজৰাইলৰ সেনাৰ উদ্দেশ্য হ’ব হামাছক নিৰ্ণায়কভাৱে পৰাস্ত কৰা। ইয়াৰ ফলত গাজাত যুদ্ধ আৰু তীব্ৰতৰ হ’ব পাৰে, যিয়ে আঞ্চলিক অস্থিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, গাজাত যুদ্ধবিৰতিৰ পৰিস্থিতি অতি সুক্ষ্ম। যদিহে হামাছে পণবন্দীসকলক মুকলি কৰি নিদিয়ে, তেন্তে ইজৰাইলে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ইজৰাইলৰ সেনা সম্পূৰ্ণৰূপে সাজু হৈছে, আৰু অনাগত দিনত বৃহৎ সংঘৰ্ষ হ’ব পাৰে। এতিয়া সকলোৰে দৃষ্টি ১৪ ফেব্ৰুৱাৰীৰ সময়সীমাৰ ওপৰত, যিয়ে সিদ্ধান্ত ল’ব যে যুদ্ধবিৰতি অব্যাহত থাকিব নে গাজাত যুদ্ধ পুনৰ আৰম্ভ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.