No Result
View All Result
খং উঠিলেই বাৰু মানুহে মানুহৰ জীৱন কাঢ়ি ল’ব পাৰে নেকি? এটা বিবাদৰ পৰিণতি ইমান ভয়ংকৰ হ’ব পাৰেনে, য’ত নিমিষতে নিঃশেষ হৈ যায় পাঁচটাকৈ জীৱন? মুহূৰ্তৰ উত্তেজনাই মানুহক ইমান নিষ্ঠুৰ কৰি তোলেনে? গুৱাহাটীৰ এখন হোটেলত সংঘটিত ৫ জন লোকৰ মৃত্যুৰ ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
এখন হোটেল, এটা লীজৰ চুক্তি, টকা-পইচাক লৈ বিবাদ আৰু তাৰ পিছতে ৰক্তাক্ত পৰিণতি। বাহিৰৰ পৰা সাধাৰণ যেন লগা এই বিবাদে কেনেকৈ ল’লে ইমান ভয়ংকৰ ৰূপ? কি আছিল সেই সংঘাতৰ আঁৰৰ প্ৰকৃত কাৰণ? বিবাদ নিষ্পত্তিৰ আন কোনো পথ নাছিল নেকি? নে খং আৰু প্ৰতিশোধৰ জুইত হেৰাই গৈছিল বিবেক-বুদ্ধি?
এই ভয়ংকৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে ঘনকান্ত গগৈৰ। অভিযোগ অনুসৰি, হোটেলখনৰ লীজক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদে লয় ভয়ংকৰ ৰূপ। ঘটনাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ খবৰে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। কিন্তু প্ৰশ্ন হ’ল- এটা বিবাদৰ মূল্য পাঁচটা জীৱন হ’ব পাৰেনে?
মানুহৰ মনত খং উঠিব পাৰে, মতানৈক্য হ’ব পাৰে, আনকি আৰ্থিক লেনদেনক লৈ সংঘাতো সৃষ্টি হ’ব পাৰে। কিন্তু সেই খঙৰ পৰিণতি যদি হয় মৃত্যুৰ বিভীষিকা, তেন্তে সেয়া কেৱল এটা অপৰাধৰ ঘটনা হৈ নাথাকে; তেন্তে ই হৈ পৰে সমাজৰ বাবেও এক গভীৰ চিন্তাৰ বিষয়।
আচলতে মানুহৰ মনত জমা হোৱা খং, ক্ষোভ, হতাশা আৰু প্ৰতিশোধৰ মনোভাবৰ পৰা মুক্তি পোৱাৰ প্ৰথম পদক্ষেপ হ’ল নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকা। কোনো বিবাদৰ সময়ত খঙৰ বশৱৰ্তী হৈ তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে কিছু সময় শান্ত হৈ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা উচিত। নিজৰ সমস্যাবোৰ বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আলোচনা কৰা, প্ৰয়োজনত মনোবিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৰু সুস্থ সামাজিক সম্পৰ্ক গঢ়ি তোলাও গুৰুত্বপূৰ্ণ। মনত ৰাখিব লাগিব, সমস্যাৰ সমাধান হিংসা নহয়। সহনশীলতা, পাৰস্পৰিক বুজাবুজি আৰু আইনৰ প্ৰতি সন্মানেহে মানুহক সুস্থ মানসিকতা গঢ়ি তোলাত সহায় কৰিব পাৰে।
এটা লীজৰ বিবাদে যদি পাঁচটা পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নমাই আনে, তেন্তে সেই ঘটনাই আমাক এটা কথাই সোঁৱৰাই দিয়ে- খং ক্ষণিকৰ হ’ব পাৰে, কিন্তু তাৰ পৰিণতি হ’ব পাৰে আজীৱন অপূৰণীয়।
No Result
View All Result