Friday, 13 November 2026
Latest
নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীবৰ্ষণ

ভাৰতৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত কেফেক পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। খবৰ অনুসৰি, কেফেখনত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে আৰু লৰেন্স বিষ্ণয় গেঙে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই গেঙৰ নামত ইয়াৰ পূৰ্বেও দুবাৰকৈ কপিলৰ কেফেত আক্ৰমণ কৰাৰ খবৰ ওলাইছিল।

চাৰিচকীয়া বাহনেৰে আহি তিনি জাঁই গুলী চলোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অৱশ্যে সৌভাগ্যৰ কথা এয়াই যে এই আক্ৰমণত কোনো লোকৰ মৃত্যু বা আঘাতপ্ৰাপ্ত হোৱা নাই। অৱশ্যে সা-সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হয়। স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

লৰেন্স গেঙৰ সৈতে জড়িত গেংষ্টাৰ গোল্ডি ধিলন আৰু কুলদীপ সিদ্ধু ওৰফে নেপালীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। শিখ শ্লোগান ‘ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কি ফাতেহ’ৰ সৈতে পোষ্টটোত লিখা আছিল, ‘আজি (কেপছ কেফেত) সংঘটিত হোৱা তিনি জাঁই গুলীচালনাৰ দায়িত্ব মই, কুলৱীৰ সিদ্ধু আৰু গোল্ডি ধিলনে লওঁ। সাধাৰণ জনতাৰ সৈতে আমাৰ কোনো শত্ৰুতা নাই। যাৰ লগত আমাৰ কাজিয়া হৈছে তেওঁলোকে আমাৰ পৰা আঁতৰি থাকিব লাগে।’

উল্লেখ্য যে, কপিল শৰ্মাৰ কেফেত এয়াই প্ৰথম আক্ৰমণ নহয়। ইয়াৰ পূৰ্বেও দুবাৰ চলিছিল আক্ৰমণ। চলিত বৰ্ষৰ জুলাই মাহত মুকলি কৰা হৈছিল এই কেফেখন।

Leave a Reply

Your email address will not be published. Required fields are marked *