Friday, 13 November 2026
Latest
নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…

ইজৰাইলৰ সংসদত হঠাৎ সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি। দেশৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে সংসদত ৰাষ্ট্ৰীয় ঐক্যৰ কথা কৈ থকাৰ মাজতে তেওঁৰ পত্নী ছাৰা নেতান্যেহু সোমাই পৰিল এক তীব্ৰ বাকযুদ্ধত। সন্মুখত আছিল ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নাফটালি বেনেট। মুহূৰ্ততে উত্তপ্ত হৈ পৰিল সংসদৰ পৰিৱেশ। আনকি এই সমগ্ৰ ঘটনা চাই থাকিল স্বয়ং প্ৰধানমন্ত্ৰী নেতান্যেহুৱে।

প্ৰাপ্ত খবৰ অনুসৰি, ১০ নৱেম্বৰত ইজৰাইলৰ সংসদ নেছেটত এই ঘটনা সংঘটিত হয়। নেতান্যেহুৱে সংসদত ভাষণ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী নাফটালি বেনেটে তেওঁক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰে। বিশেষকৈ নেতান্যেহুৰ কাৰ্যালয়ৰ দুই উপদেষ্টাৰ বিৰুদ্ধে কাটাৰৰ স্বাৰ্থত কাম কৰাৰ অভিযোগ আৰু ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ নিৰাপত্তাজনিত ব্যৰ্থতাৰ তদন্তক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে।

কিন্তু বেনেটৰ প্ৰশ্নতে ক্ষান্ত নাথাকিল বিতৰ্ক। এইবাৰ স্বামীৰ সমৰ্থনত আগবাঢ়ি আহিল ছাৰা নেতান্যেহু। বেনেটক উদ্দেশ্যি তেওঁ ৰাজনৈতিক ভণ্ডামিৰ অভিযোগ উত্থাপন কৰে। আনকি আৰব জইণ্ট লিষ্টৰ সৈতে বেনেটৰ ৰাজনৈতিক সম্পৰ্কক লৈও কটাক্ষ কৰে।

ইয়াৰ মাজতে ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন-গভিৰেও বেনেটক আক্ৰমণ কৰে। আটাইতকৈ চৰ্চিত বিষয়টো হ’ল, নেতান্যেহুৱে সংসদত ঐক্যৰ আহ্বান জনাই থকাৰ সময়তে তেওঁৰ পত্নীৰ এই আক্ৰমণাত্মক ৰূপে সৃষ্টি কৰিলে আন এক ৰাজনৈতিক বিতৰ্ক।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে এই বাকযুদ্ধৰ ভিডিঅ’। প্ৰশ্ন উঠিছে, ইজৰাইলৰ ৰাজনীতিত ক্ষমতাৰ যুঁজে এইবাৰ নতুন ৰূপ লৈছে নেকি?

Leave a Reply

Your email address will not be published. Required fields are marked *