Saturday, 14 November 2026
Latest
দিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…
Top News

আপৰ অন্তিমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কেজৰিৱালে… জানক

ফাইল ফটো।

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে চতুৰ্থ তথা অন্তিমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দেওবাৰে প্ৰকাশ কৰা এই তালিকাত আছে অৰবিন্দ কেজৰিৱালৰ সৈতে ৩৭ গৰাকীৰ প্ৰাৰ্থীৰ নাম।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ প্ৰধান কেজৰিৱালে নতুন দিল্লী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কাল্কাজি আৰু মন্ত্ৰী সৌৰভ ভৰদ্বাজে গ্ৰেটাৰ কৈলাশ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আজি ঘোষণা কৰা চতুৰ্থখন প্ৰাৰ্থীৰ তালিকাৰ জৰিয়তে আম আদমি পাৰ্টীয়ে দিল্লীৰ আটাইকেইটা সমষ্টি অৰ্থাত ৭০টা সমষ্টিৰ বাবেই নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পৰ্ব সমাপ্তি ঘটে।

অৰবিন্দ কেজৰিৱালে ছ’চিয়েল মিডিয়া এক্সৰ জৰিয়তে তালিকাখন প্ৰকাশ কৰি এটা প’ষ্টো শ্বেয়াৰ কৰে। প’ষ্টটোত তেওঁ লিখিছে, ‘আজি আম আদমি পাৰ্টীয়ে আটাইকেইটা অৰ্থাত ৭০টা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। দলে সম্পূৰ্ণ আত্মবিশ্বাস আৰু প্ৰস্তুতিৰে নিৰ্বাচনত যুঁজ দিব’।

এই একেটা প’ষ্টতে কেজৰিৱালে বিজেপিক উদ্দেশ্যিও ভর্ৎসনা কৰা দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.