Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগৰ ফলত ভাৰতৰ লাভ হ’ব নে ক্ষতি হ’ব?

কানাডাৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে জাষ্টিন ট্ৰুডোৱে।বিগত ডেৰ বছৰ ধৰি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে মুৰ্চা কৰিছিল আৰু প্ৰায় প্ৰতিদিনে ভাৰতৰ বিৰুদ্ধে বিবৃতি জাৰি কৰিছিল।

খালিস্তানী উগ্ৰপন্থীৰ প্ৰতি কোমল স্থিতি গ্ৰহণ কৰা কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱশেষত নিজ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। লিবাৰেল পাৰ্টিক উচ্চ ক্ষমতালৈ লৈ যোৱা ট্ৰুডোৱে নিজৰ স্থিতিৰ বাবেই নিজৰ দলৰ নেতাসকলৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে, ট্ৰুডোৰ পদত্যাগৰ ফলত ভাৰতৰ লাভ হ’ব নে ক্ষতি হ’ব?

আচলতে জাষ্টিন ট্ৰুডোৱে কানাডাৰ সংখ্যালঘুসকলৰ মাজত স্থান দখল কৰিবলৈ খালিস্তানৰ সমৰ্থনত ওলাই আহিছিল, আনহাতে কানাডাৰ বেছিভাগ মানুহেই এনে বিচ্ছিন্নতাবাদীক সমৰ্থন নকৰে। ট্ৰুডোৰ এই মনোভাৱৰ বাবেই তেওঁৰ ওপৰত মানুহ অসন্তুষ্ট হৈ উঠিছিল। কানাডাৰ স্থানীয় জনসাধাৰণেও ভাৰতৰ সৈতে তেওঁলোকৰ দেশৰ সম্পৰ্কৰ অৱনতি ঘটাটো বিচৰা নাছিল।

কানাডাৰ মানুহবোৰেও মৌলবাদীসকলক সমৰ্থন কৰিবলৈ সাজু নাছিল। ইফালে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত লিবাৰেল পাৰ্টিয়েও ভাৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাটো বিচাৰা নাই আৰু লগতে স্থানীয় জনসাধাৰণৰো ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে।

যিয়েই নহওক, ক’ৰ’না যুগৰ পৰা কানাডাৰ অৰ্থনীতিৰ অৱস্থা অতি অস্থিৰ। দেশৰ যুৱক-যুৱতীসকলৰ বাবে চাকৰি আৰু কৰ্মসংস্থাপনৰো ব্যাপক নাটনি হৈছে। ভাৰতৰ সৈতে হোৱা বিবাদৰ পিছত দুয়োখন দেশৰ বাণিজ্যিক দিশতো প্ৰভাৱ পৰিছে। একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পেও কানাডাৰ পৰা অহা সামগ্ৰীৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ হুংকাৰ দি আহিছে।

সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত নতুন দিল্লীৰ অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যয়ন আৰু বৈদেশিক নীতি বিভাগৰ উপ-সভাপতি অধ্যাপক হৰ্ছ ভি পণ্টৰ উদ্ধৃতি দি কয় যে, ট্ৰুডোৱে প্ৰকৃততে সমগ্ৰ বিষয়টোক ব্যক্তিগত কৰি তুলিছে। এই বিষয়ে তেওঁ কোনো গুৰুত্ব প্ৰকাশ কৰা নাছিল। ইয়াৰ বাবে কেৱল ভাৰতেই নহয় কানাডাও লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। যদিও ট্ৰুডোক ছাত্ৰ-ছাত্ৰীৰ শুভাকাংক্ষী বুলি গণ্য কৰা হৈছে, তথাপিও তেওঁৰ কাৰ্যকালত কানাডাই ছাত্ৰ ভিছাৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণ কৰিছিল, যাৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ অসুবিধা বৃদ্ধি পাইছিল। ইয়াৰ বাবেই দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পালে। ট্ৰুডোৰ বিদায়ৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাসমূহ কমি যাব বুলি আশা কৰা হৈছে।

কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱেও ২০২৫ চনৰ পৰা নিজৰ দেশত বিদেশী অস্থায়ী শ্ৰমিক নিযুক্তিৰ নিয়ম কঠোৰ কৰাৰ কথা ঘোষণা কৰিছিল। কানাডা ফাৰ্ষ্ট নামৰ এই নীতিৰ বিষয়ে ট্ৰুডোৱে ছ’চিয়েল মিডিয়াত তথ্য দিছিল। তেওঁ কৈছিল যে, ২০২৫ চনৰ পৰা কানাডাৰ সকলো কোম্পানীয়ে চাকৰিৰ ক্ষেত্ৰত কানাডাৰ নাগৰিকক অগ্ৰাধিকাৰ দিব লাগিব। লগতে অস্থায়ী চাকৰিত বিদেশী শ্ৰমিক নিয়োগ কৰাৰ আগতে কোম্পানীসমূহে জনাই দিব লাগিব যে তেওঁলোকে কোনো যোগ্য কানাডাৰ নাগৰিক বিচাৰি পোৱা নাই।

ট্ৰুডোৰ এই সিদ্ধান্তৰ পিছত কানাডাত অনুপ্ৰৱেশকাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত নিবনুৱা সমস্যা আৰু বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি হৈছিল। বিশেষকৈ কানাডাৰ শ্বপিং মল, ৰেষ্টুৰেণ্ট আৰু খাদ্যৰ দোকানত কাম কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। যি নহওক, ২০২৩ চনত ভাৰতৰ পৰা কানাডালৈ যোৱা অস্থায়ী শ্ৰমিকৰ সংখ্যা সৰ্বাধিক বুলি কোৱা হৈছিল। তাত থকা মুঠ ১.৮৩ লাখ অস্থায়ী কৰ্মচাৰীৰ ভিতৰত ২৭ হাজাৰ শ্ৰমিক আছিল কেৱল ভাৰতৰ। স্পষ্টভাৱে এইসকল লোকেই ট্ৰুডোৰ নতুন নীতিৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হ’ব। এনে পৰিস্থিতিত এই বছৰ গঠন হোৱা নতুন চৰকাৰখনে এই নীতি সলনি কৰি বিশেষকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক কামত সকাহ দিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *