Saturday, 14 November 2026
Latest
আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…
Top News

অভিভাৱকৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাসকলে নাপাব সুৰক্ষা : এলাহাবাদ উচ্চ ন্যায়ালয়

প্ৰতিনিধিত্বমূলক চিত্ৰ

অভিভাৱকৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হোৱা যুৱক-যুৱতীসকলক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে ডাঙৰ মন্তব্য। অভিভাৱকৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হোৱা এনে দম্পতীয়ে আৰক্ষীৰ পৰা কোনো ধৰণৰ সুৰক্ষা নাপাব বুলি আদালতে প্ৰকাশ কৰিছে। সুৰক্ষা বিচাৰি দম্পতীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই সিদ্ধান্ত প্ৰদান কৰে।

আদালতে কয় যে উপযুক্ত ক্ষেত্ৰত দম্পতীক সুৰক্ষা প্ৰদান কৰিব পাৰি, কিন্তু যিকোনো ভাবুকিৰ ক্ষেত্ৰত এনে দম্পতীয়ে ইজনে সিজনক সহায় কৰিবলৈ শিকিব লাগে আৰু সমাজৰ মুখামুখি হ’ব লাগে।

শ্ৰেয়া কেছৰৱানী আৰু তেওঁৰ স্বামীয়ে দাখিল কৰা ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সৌৰভ শ্ৰীবাস্তৱে এই মন্তব্য কৰে। তেওঁলোকৰ আবেদনত দিয়া বক্তব্যসমূহ বিবেচনা কৰাৰ পিছত আদালতে তেওঁলোকৰ ৰিট আবেদনখন নিষ্পত্তি কৰি কয় যে আবেদনকাৰীসকলৰ বাবে কোনো গুৰুতৰ ভাবুকি নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.