মুখৰ অভিব্যক্তি আৰু FMRI ব্ৰেইন স্কেন ব্যৱহাৰ কৰি ৪ বছৰ পূৰ্বে নৱপ্ৰজন্মৰ হতাশাৰ আশংকা সঠিকভাৱে ভৱিষ্যদ্বাণী কৰিব পৰা নতুন “মগজু পঢ়া” AI মডেল প্ৰস্তুত কৰি উলিওৱা হৈছে। জানো আহক এই AI য়ে কেনেকৈ কাম কৰে-
মানসিক স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত এক বৈপ্লৱিক অগ্ৰগতি ঘটিছে যিয়ে ভৱিষ্যতে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। চীনৰ শ্বেনজেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে “ব্ৰেইন-ৰিডিং” AI মডেল প্ৰস্তুত কৰিছে, যিয়ে মুখৰ ভাবৰ প্ৰতি মগজুৰ সঁহাৰি চাই ৪ বছৰ পূৰ্বেই এজন ব্যক্তিৰ ডিপ্ৰেছনৰ চিকাৰ হ’ব নে নহয় সেইটো ভৱিষ্যদ্বাণী কৰিব পাৰে। তদুপৰি এই প্ৰযুক্তিয়ে ভৱিষ্যতে মানৱৰূপী ৰবট সৃষ্টিতো সহায় কৰিব পাৰে যিয়ে মুখৰ সূক্ষ্ম ইংগিত পৰ্যবেক্ষণ কৰি মানুহৰ মন-মগজুৰ অৱস্থা বুজিব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বজুৰি প্ৰায় ৩৩.২ কোটি লোক ভুগিছে হতাশাত। এই ব্যক্তিসকলৰ এক তৃতীয়াংশই চিকিৎসা প্ৰতিৰোধী হতাশাত ভুগিছে, যিয়ে কোনো গতানুগতিক ঔষধৰ প্ৰতি সঁহাৰি নিদিয়ে। এক প্ৰতিবেদন অনুসৰি কেৱল চীনত ৯.৫ কোটি লোকে এই গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে।
এই ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ শ্বেনজেন বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিদ্যালয়ৰ সহকাৰী অধ্যাপক লু হানৰ নেতৃত্বত এটা দলে চলাইছিল এই অধ্যয়ন। তেওঁলোকৰ এই গৱেষণা পত্ৰখন বিশ্ববিখ্যাত আলোচনী “ছায়েন্স এডভান্সেছ”ত প্ৰকাশ পাইছে।
গৱেষক লু হানৰ মতে, মানুহে আনৰ মুখৰ ভাবৰ পৰিৱৰ্তন অতি সহজে অনুভৱ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে, কোনোবাই হাঁহি মাৰি দিলে সাধাৰণতে প্ৰায়ভাগে লোকেই বন্ধুত্বপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰে। কিন্তু হতাশাৰ আশংকাত ভোগা লোকৰ মগজুত এনে প্ৰতিক্ৰিয়া নহয়।
হতাশা প্ৰৱণ লোকে খঙৰ মৃদু প্ৰকাশকো অতিমাত্ৰা খং বুলি ভুল কৰে। তেওঁলোকে অনবৰতে ধৰি লয় যে, সকলোৱে তেওঁলোকক নাকচ কৰে। মানসিকভাৱে ইয়াক “ঋণাত্মক তথ্য প্ৰক্ৰিয়াকৰণ পক্ষপাতিত্ব” বুলি কোৱা হয়। হতাশাত আক্ৰান্ত লোকসকলে নেতিবাচক সামাজিক তথ্য মনত ৰখা আৰু অধিক মনোনিৱেশ কৰাৰ প্ৰৱণতা থাকে।
লু হানৰ দলটোৱে মানৱ মগজুৰ দৃষ্টিশক্তিৰ তথ্য প্ৰক্ৰিয়াকৰণক সম্পূৰ্ণৰূপে অনুকৰণ কৰা এক গভীৰ শিক্ষণ AI মডেল প্ৰস্তুত কৰিছিল। এই মডেলে বুজিব পাৰে যে, আমাৰ মগজুৱে কেনেকৈ খঙৰ দৰে আৱেগিক চিন্তাক সংকেত দিয়ে। এই অধ্যয়নত দেখা গৈছে যে যিসকল ১৯ বছৰীয়া শিশুৰ মগজুৱে খঙাল মুখৰ প্ৰতি অধিক নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেওঁলোকৰ পিছৰ জীৱনত হতাশাৰ লক্ষণ দেখা দিয়াৰ সম্ভাৱনা অতি বেছি।
এই গৱেষণাই কেৱল হতাশাৰ নিৰাময় বিচাৰি উলিওৱাটোৱেই নহয়, ৰবটিক্স আৰু মূৰ্ত বুদ্ধিমান মানৱৰূপী পদাৰ্থৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে।







