Sunday, 15 November 2026
Latest
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলদিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…
Top News

ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ৭ জনক গ্ৰেপ্তাৰ

ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ১৩ এপ্ৰিল অৰ্থাত দেওবাৰে বৰাক উপত্যকাৰ শিলচৰত হোৱা প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত ৭ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে এই তথ্য প্ৰদান কৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাতোই কয়, ‘কালি নিশা শিলচৰ চহৰৰ সমীপৰ বাগাদাহাৰ আৰু কাশীপুৰত চলোৱা অভিযানৰ সময়ত ৭ জন অভিযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছো।’

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক ক্ৰমে নজমুল ইছলাম লস্কৰ, বিদাৰ লস্কৰ (৩২), ৰোহিত হুছেইন লস্কৰ (১৯), দিলৱাৰ হুছেইন (৩০), ৰোহিত আহমেদ মজুমদাৰ (১৯), আতিকুৰ ৰহমান লস্কৰ (২৫) আৰু ৰিয়াজুল লস্কৰ (২৪)।

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনৰ ভিতৰত বিদাৰ লস্কৰ হৈছে কাশীপুৰৰ আৰু বাকী কেইজন বেৰেংগা অঞ্চলৰ বাসিন্দা।

আৰক্ষী বিষয়া মাহাতোয়ে জানিব দিয়া অনুসৰি, প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ঘটনাটোৰ মূল অভিযুক্ত ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰু কেইজনমান যুৱক জড়িত আছে আৰু তেওঁলোকক চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা যুৱককেইজনক আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.