Sunday, 15 November 2026
Latest
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলদিল্লীৰ বিষাক্ত বায়ুৱে শৰীৰৰ কোনটো অংগ প্ৰথমে আক্ৰমণ কৰে? শিশু-বৃদ্ধৰ বাবে কি কি ক্ষেত্ৰত অধিক বিপদজনক?ডিচেম্বৰত বাংলাদেশলৈ উভতিব নেকি শ্বেখ হাছিনা? ভাৰতৰ দুটা চৰ্তক লৈ ৰাজনীতিত নতুন ধুমুহা!আমেৰিকাৰ আকাশত পুনৰ উৰিল বিমান! ৪ ঘণ্টাৰ গ্ৰাউণ্ড ষ্টপ, ১৫ হাজাৰ বিমানত বিপৰ্যয়…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইমুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…
Top News

সুৰা বিপণীত ভয়ংকৰ ঘটনা; মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ’ল ৩ জন যুৱকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

হাৰিয়ানাৰ ৰোহটকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে নিশা ৰোহটকৰ শোণিপত ৰোডস্থিত এখন সুৰা বিপণীত হোৱা ভয়ংকৰ গুলীচালনাত তিনিজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।

জানিব পৰা অনুসৰি, সুৰাৰ ঘাটিত বহি থকা পাঁচজন যুৱকক মটৰ চাইকেলেৰে অহা এটা দুৰ্বৃত্তৰ দলে নিৰ্বিচাৰভাৱে গুলীচালনা কৰে। ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটো ঘটনাস্থলৰ পৰা পলায়ন কৰে।

তথ্য পোৱাৰ লগে লগে স্থানীয় আৰক্ষী থানাৰ এটা দল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি দুটা গেঙৰ মাজত থকা শত্ৰুতাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে।

অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিতং তথ্য প্ৰকাশ কৰা নাই যদিও দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰিবলৈ ক্ষীপ্ৰগতিত তদন্ত চলাই আছে বুলি জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.