এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ জুই জ্বলাৰ আশংকা! এইবাৰ ইৰাণৰ লক্ষ্য আমেৰিকাৰ সামৰিক শক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ ঘাটি। বাহৰেইনত থকা আমেৰিকাৰ আগতীয়া সতৰ্কবাণী প্ৰদানকাৰী ৰাডাৰ ব্যৱস্থাত আক্ৰমণ চলোৱাৰ দাবী কৰিছে ইৰাণৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছে (IRGC)। এই দাবীয়ে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে।
ইৰাণৰ সংবাদ মাধ্যমৰ প্ৰকাশিত তথ্য অনুসৰি, ১৩ নৱেম্বৰত IRGCৰ মহাকাশ বাহিনীয়ে বাহৰেইনত থকা আমেৰিকাৰ আগতীয়া সতৰ্কবাণী ৰাডাৰ ব্যৱস্থাক লক্ষ্য কৰি আক্ৰমণ চলায়। ইৰাণৰ দাবী, এই আক্ৰমণত ৰাডাৰটো ধ্বংস কৰা হৈছে। ইয়াৰ আঁৰত আছে দক্ষিণ ইৰাণৰ হৰমোজগান প্ৰদেশৰ ছিৰিক অঞ্চলত থকা এটা টেলিকমিউনিকেশ্যন টাৱাৰত হোৱা আক্ৰমণ। তাৰ প্ৰতিশোধ হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছে ইৰাণে।
কিন্তু আশ্চৰ্যজনকভাৱে, এই আক্ৰমণৰ দাবী সন্দৰ্ভত আমেৰিকা আৰু বাহৰেইনে তাৎক্ষণিকভাৱে কোনো আনুষ্ঠানিক নিশ্চিতি প্ৰদান কৰা নাই। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই নিৰ্দিষ্ট দাবীৰ সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
ইয়াৰ মাজতে পোহৰলৈ আহিছে আমেৰিকাৰ নৌসেনাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযানত জড়িত USS Michael Murphy যুদ্ধজাহাজৰ কমাণ্ডাৰ কেটলিন কানিংহামক ২৭ ছেপ্টেম্বৰত পদৰ পৰা আঁতৰাই দিয়া হৈছিল। আমেৰিকাৰ নৌসেনাই ইয়াৰ কাৰণ হিচাপে নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাৰ কথা উল্লেখ কৰিছে। অৱশ্যে ইয়াৰ সৈতে শেহতীয়া ৰাডাৰ আক্ৰমণৰ কোনো সম্পৰ্ক থকাৰ প্ৰমাণ নাই। এতিয়া প্ৰশ্ন হৈছে, ইৰাণ-আমেৰিকাৰ এই সংঘাতে পুনৰ ভয়াৱহ ৰূপ ল’ব নেকি?
