Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?

বলিউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানৰ ডিঙিত জিলিকি থকা এটা পেণ্ডেণ্টক লৈ এতিয়া দেশজুৰি চৰ্চা। ফেশ্বন নে ধৰ্মীয় পৰম্পৰা? এই প্ৰশ্নক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে নতুন বিতৰ্ক।
দীপাৱলীৰ সময়ত কৰীনা কাপুৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল কেইবাখনো বিশেষ ফটো। সেই ফটোত অভিনেত্ৰীগৰাকীৰ ডিঙিত দেখা গৈছিল এটা মূল্যৱান সেউজীয়া পাথৰৰ পেণ্ডেণ্ট। কিন্তু সাধাৰণ অলংকাৰ নহয়, এই পেণ্ডেণ্টটোত খোদিত হৈ আছে পৱিত্ৰ কোৰআনৰ আয়াত ‘আয়াতুল কুৰ্ছী’।
জানিব পৰা মতে, প্ৰায় ২০০ বছৰ পুৰণি এই ঐতিহাসিক অলংকাৰ ভূপালৰ নৱাব পৰিয়ালৰ উত্তৰাধিকাৰী সম্পত্তি। কৰীনা কাপুৰৰ স্বামী ছেইফ আলী খানৰ পৰিয়ালৰ সূত্ৰে এই অলংকাৰ তেওঁৰ হাতলৈ আহিছে।
কিন্তু এই ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছতেই আপত্তি দৰ্শায় মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেতা আব্বাছ হাফিজে। তেওঁ কৰীনা কাপুৰ আৰু ষ্টাইলিষ্ট ৰিয়া কাপুৰলৈ আইনী জাননী প্ৰেৰণ কৰি ফটোসমূহ আঁতৰোৱাৰ লগতে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী জনায়। তেওঁৰ অভিযোগ, পৱিত্ৰ কোৰাণৰ আয়াতক ফেশ্বনৰ সামগ্ৰী হিচাপে উপস্থাপন কৰাটো ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ দৰে।
ইয়াৰ বিপৰীতে কৰীনাৰ সমৰ্থনত মাত মাতিছে হিন্দু উৎসৱ সমিতিৰ সভাপতি চন্দ্ৰশেখৰ তিৱাৰীয়েও। তেওঁৰ মতে, কৰীনাই ক্ষমা বিচৰাৰ কোনো প্ৰয়োজন নাই।
ইফালে, সমাজবাদী পাৰ্টিৰ সাংসদ মহিবুল্লাহ নাদৱীৰ সমৰ্থনৰ বিষয়টোৱেও চৰ্চা লাভ কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিবুল্লাহ নাদৱীয়ে কয় যে, কোনোবাই ফেশ্বন ষ্টেটমেন্ট হিচাপে কোৰাণৰ আয়াত থকা লকেট পিন্ধে বা আন কোনো কাৰণত যদি কোৰাণক বিশ্বাস কৰে আৰু সম্পূৰ্ণ ভক্তি আৰু সঁচা হৃদয়েৰে পিন্ধে তেন্তে তেওঁলোকৰ মৰ্যাদাক সন্মান কৰা উচিত। এই কথাত প্ৰশ্ন উত্থাপন কৰাৰ কোনো অধিকাৰ কাৰো নাই। তেওঁ কয় যে যদি কৰীনাই এই বিশ্বাসেৰে পিন্ধিছে যে ইয়াৰ দ্বাৰা তেওঁৰ সন্মান ৰক্ষা হ’ব, তেন্তে তাতো কোনো সমস্যা নাই। ইয়াক কেৱল সন্মানেৰে চোৱা উচিত আৰু বিশ্বাসৰ প্ৰকাশ বুলি গণ্য কৰা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *