No Result
View All Result
শৰীৰটো সুস্থ আৰু ফিট কৰি ৰাখিবলৈ কেৱল ব্যায়াম বা খাদ্যৰ যত্ন ল’লেই নহয়, মগজুৰ স্বাস্থ্যৰ প্ৰতিও সমানেই গুৰুত্ব দিয়া প্ৰয়োজন। আমাৰ চিন্তা, স্মৃতি, মনোযোগৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংগৰ কাম-কাজ নিয়ন্ত্ৰণ কৰাত মগজুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু দৈনন্দিন জীৱনৰ কিছুমান অভ্যাসে অজানিতে মগজুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
প্ৰথমতে, শাৰীৰিক নিষ্ক্ৰিয়তা। নিয়মিত ব্যায়ামে কেৱল শৰীৰ সুস্থ ৰখাই নহয়, মগজুৰ বাবেও উপকাৰী। প্ৰতিদিনে প্ৰায় ৩০ মিনিট ব্যায়াম কৰা বা অন্ততঃ ২০ মিনিট দ্ৰুত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলাটো উপকাৰী হ’ব পাৰে।
দ্বিতীয়তে, পৰ্যাপ্ত টোপনিৰ অভাৱ। টোপনিৰ সময়ত মগজুৱে দিনটোৰ তথ্য প্ৰক্ৰিয়াকৰণ আৰু শৰীৰক পুনৰুদ্ধাৰ কৰাত সহায় কৰে। নিয়মিতভাৱে কম টোপনি ল’লে মনোযোগ, স্মৃতি আৰু মেজাজত প্ৰভাৱ পৰিব পাৰে। সেয়ে বয়স অনুসৰি পৰ্যাপ্ত আৰু নিয়মীয়া টোপনি অতি গুৰুত্বপূৰ্ণ।
তৃতীয়তে, গেজেটৰ অতিমাত্ৰা ব্যৱহাৰ। মোবাইল, লেপটপ বা টিভিত দীঘলীয়া সময় কটোৱাৰ ফলত বিশেষকৈ নিশাৰ সময়ত টোপনিৰ ছন্দ বিঘ্নিত হ’ব পাৰে। মাজে মাজে স্ক্ৰীনৰ পৰা বিৰতি লোৱাটো ভাল অভ্যাস।
চতুৰ্থতে, অস্বাস্থ্যকৰ খাদ্যাভ্যাস। অত্যধিক প্ৰচেছড ফুড, জাংক ফুড, অধিক চেনি আৰু অস্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্যৰ পৰিৱৰ্তে ফল-মূল, শাক-পাচলি, গোটা শস্য, বাদাম আৰু পুষ্টিকৰ খাদ্যক অগ্ৰাধিকাৰ দিয়ক।
পঞ্চমতে, মানসিক চাপ আৰু সামাজিক বিচ্ছিন্নতা। দীৰ্ঘদিনীয়া মানসিক চাপ আৰু মানুহৰ সৈতে যোগাযোগৰ অভাৱে মানসিক সুস্থতাত প্ৰভাৱ পেলাব পাৰে। সেয়ে বিশ্ৰাম, সামাজিক যোগাযোগ আৰু ভাল লগা কামৰ বাবে সময় উলিয়াব লাগে।
মুঠতে, মগজুক সুস্থ ৰাখিবলৈ নিয়মীয়া শাৰীৰিক সক্ৰিয়তা, পৰ্যাপ্ত টোপনি, স্বাস্থ্যকৰ খাদ্য আৰু মানসিক সুস্থতাৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। কোনো বিশেষ লক্ষণ বা স্বাস্থ্যজনিত সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উচিত।
(বি.দ্ৰ.- ইয়াত দিয়া তথ্যসমূহ ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে)
No Result
View All Result