Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

অসম গণ পৰিষদ দলৰ প্ৰাক্তন বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই দল ত্যাগ কৰিছে। ২০১৬ চনত কমলপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা সত্যব্ৰত কলিতাই সকলো দায়িত্বৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে।

আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত সত্যব্ৰত কলিতাই কয়, ‘মই অসম গণ পৰিষদৰ প্ৰাথমিক সদস্য আৰু সাধাৰণ সম্পাদককে ধৰি মোৰ ওপৰত ন্যস্ত সমূহ দায়িত্বৰ পৰা পদত্যাগ কৰিলো।’

পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পিছতে নেশ্যন এনইৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত অগপৰ প্ৰাক্তন নেতাগৰাকীয়ে কয়, ‘বহুদিনীয়া ক্ষোভ-বিক্ষোভ মনৰ মাজত আছিল। অসম গণ পৰিষদ দলৰ সমূহ নেতা-কৰ্মীৰ ওচৰত ক্ষমা বিচাৰিছো।’

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপ দলে শক্তিশালী স্থিতি গ্ৰহণ নকৰা কাৰ্যত ক্ষুণ্ণ হৈ সত্যব্ৰত কলিতাই অগপ ত্যাগ কৰা বুলি আওপকীয়াকৈ মন্তব্য কৰে।

আঞ্চলিকতাবাদ সুৰক্ষিত কৰাটো আমাৰ প্ৰধান দায়িত্ব হ’ব লাগে যদিও বৰ্তমান অতুল বৰাৰ নেতৃত্বাধীন অগপ দলটো ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠনলৈ পৰিণত হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভ নকৰাৰ পিছৰে পৰা অগপৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিসম্বাদ আৰম্ভ হৈছিল সত্যব্ৰত কলিতাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *