No Result
View All Result
১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-আফগানিস্তানৰ মাজত ৩খন খেলৰ টি-২০ শৃংখলা। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিওখন মেচ। বিচিচিআইয়ে ১ ছেপ্টেম্বৰত ঘোষণা কৰে টীম ইণ্ডিয়াৰ দলটোৰ খেলুৱৈৰ নাম। ১৫ জনীয়া দলটোত আছে শেহতীয়াকৈ জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অংশ নোলোৱা ৮ গৰাকী খেলুৱৈ।
অৰ্থাৎ আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ বাবে নিৰ্বাচিত দলৰ পৰা ৮ জন খেলুৱৈক বাহিৰত ৰখা হৈছে। ইয়াৰে এজন খেলুৱৈ হৈছে জিম্বাবুৱেৰ বিৰুদ্ধে ছিৰিজত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা যুৱ বেগী বলাৰ মায়ংক যাদৱ।
সুখবৰটো হ’ল – বেগী বলাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষিত ৰানা, অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী, স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আঘাতৰ পৰা সুস্থ হৈ দললৈ ঘূৰি আহিবলৈ সাজু হৈছে। এই খেলুৱৈসকলৰ ফিটনেছৰ বাবে কিছু কনিষ্ঠ খেলুৱৈক বাদ দিয়া হৈছে।
শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত দললৈ ঘূৰি আহিছে মূল বেগী বলাৰ যশপ্ৰীত বুমৰাহ। যদিও তেওঁৰ অংশগ্ৰহণ তেওঁৰ ফিটনেছৰ ওপৰতহে নিৰ্ভৰ কৰিব। অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰৰ লগতে বেগী বলাৰ হৰ্ষিত ৰানাকো ফিটনেছ ক্লিয়াৰেন্সৰ অধীনত দলত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে লেগ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীও আঘাতৰ পিছত উভতি আহিছে। টি-২০ৰ বাবে জিম্বাবুৱে ভ্ৰমণ কৰা ভাৰতীয় দলৰ অংশ হিচাপে থকা ৮গৰাকী খেলুৱৈক আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ বাবে নিৰ্বাচিত কৰা হোৱা নাই।
দলৰ পৰা বাদ পৰা ৮ জন খেলুৱৈৰ ভিতৰত আটাইতকৈ দুৰ্ভাগ্যজনক আছিল যুৱ বেগী বলাৰ মায়ংক যাদৱ। জিম্বাবুৱেৰ বিৰুদ্ধে শৃংখলাত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিছিল ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে। তেওঁ তিনিখন মেচত ৫টাকৈ উইকেটো দখল কৰে। প্ৰথম আৰু তৃতীয় টি-২০ত মায়ংক যাদৱে ইনিংছৰ প্ৰথমটো বলত উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰে। অৱশ্যে ইয়াৰ পিছতো তেওঁক দলত তেওঁক অন্তৰ্ভূক্ত কৰোৱা নহ’ল।
আঘাতৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে ছিৰিজৰ অংশ নোহোৱা হৰ্ষিত ৰানাৰ ওপৰত পুনৰবাৰ আস্থা প্ৰকাশ কৰিছে নিৰ্বাচকসকলে। আমোদজনক কথাটো হ’ল, আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছত হৰ্ষিতে ঘৰুৱা কোনো মেচ নেখেলাকৈ পুনৰ টীম ইণ্ডিয়াত প্ৰৱেশ কৰিছে। অৱশ্যে তেওঁ আফগানিস্তানৰ বিৰুদ্ধে খেলিব নে নাই সেয়া তেওঁৰ ফিটনেছৰ ওপৰতহে নিৰ্ভৰ কৰিব।
আফগানিস্তানৰ বিৰুদ্ধে সাজু হোৱা ভাৰতীয় দল-
শ্ৰেয়াস আয়েৰ, অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, সঞ্জু চেমচন, ঈশান কিষাণ, তিলক বৰ্মা, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ*, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, যশপ্ৰীত বুমৰাহ*, অৰ্শদ্বীপ সিং, হৰ্ষিত ৰাণা*
বি:দ্ৰ: * মানে এই খেলুৱৈসকলৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰি খেলাৰ বাবে যোগ্য হ’ব।
No Result
View All Result