Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • ১২ মে’ত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত হ’ব বিজেপি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ। এই শপতগ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। খানাপাৰা খেলপথাৰত বিশাল পেণ্ডেল নিৰ্মাণৰ যো-জা চলাইছে বিজেপিয়ে। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰৰ বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা।
  • আজি কলকাতাত অনুষ্ঠিত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বৈঠক। বৈঠকত নিৰ্বাচিত হ’ব বিধায়িনী দলৰ নেতা। চৰকাৰ গঠনৰ বাবে কুচকাৱাজ আৰম্ভ বিজেপিৰ। ৯ মে’ত আছে নতুন চৰকাৰৰ শপতগ্ৰহণ।
  • বিজেপি বিধায়ক সুবেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডই পশ্চিমবংগত ৰাজনৈতিক অশান্তিৰ সৃষ্টি কৰিছে। বিজেপি আৰু টিএমচিৰ কাৰ্যকৰ্তাৰ মাজত সংঘৰ্ষ বৃদ্ধি হৈছে। ইফালে, এআইএমআইএমৰ মুখপাত্ৰ ৱাৰিছ পাথানে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ সকলো ধৰণৰ হিংসাক নিন্দা কৰিছে আৰু নিন্দা কৰি যাব। যিকোনো মূল্যৰ বিনিময়ত হিংসা পৰিহাৰ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে।
  • ইৰাণে হৰমুজ জলদ্বীপৰ বাবে নতুন ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ বাবে নতুন কৰ্তৃপক্ষ গঠন কৰা হৈছে। হৰমুজ জলদ্বীপ অতিক্ৰম কৰা জাহাজসমূহে এই ইৰাণী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব লাগিব। ইয়াৰ বাবে নতুন ইমেইল ঠিকনা জাৰি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *