Friday, 13 November 2026
Latest
এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমান
Top News

হিট ছবি উপহাৰ দিয়া প্ৰযোজকে কৰিলে আত্মহত্যা

তেলেগু চলচ্চিত্ৰ নিৰ্মাতাৰ পৰা ড্ৰাগছ বেপাৰী হোৱা কে পি চৌধাৰী ওৰফে সুংকৰা কৃষ্ণ প্ৰসাদ চৌধাৰীয়ে গোৱাত আত্মহত্যা কৰা বুলি জানিব পৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি চলচ্চিত্ৰ জগতৰ লোকসকলে কয় যে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা চৌধাৰী মানসিকভাৱে ভাহি পৰিছিল আৰু আৰ্থিক সমস্যাৰো সন্মুখীন হৈছিল।

খাম্মাম জিলাৰ বাসিন্দা কে পি চৌধাৰীয়ে ২০১৬ চনত চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। তেওঁ জনপ্ৰিয় তেলেগু ছবি কাবালিৰ প্ৰযোজক আছিল। ২০২৩ চনত ছাইবৰাবাদ আৰক্ষীয়ে ৯৩ গ্ৰাম কোকেইনসহ গ্ৰেপ্তাৰ কৰিছিল চৌধাৰীক।

আৰক্ষীয়ে জনোৱা অনুসৰি, তেলেগু আৰু তামিল চলচ্চিত্ৰ উদ্যোগৰ অভিনেতা-অভিনেত্ৰী তথা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ যোগান ধৰিছিল চৌধাৰীয়ে। অভিযোগ অনুসৰি তেওঁ নাইজেৰিয়াৰ নাগৰিক পেটিট আবুজাৰৰ পৰা গাঞ্জা ক্ৰয় কৰিছিল আৰু নিজৰ অঞ্চলত ব্যক্তিগত ব্যৱহাৰ আৰু যোগানৰ বাবে ব্যৱহাৰ কৰিছিল।

উল্লখ্য যে, শেহতীয়াকৈ চৌধাৰীয়ে গোৱালৈ স্থানান্তৰিত হৈছিল আৰু ইয়াতেই আৰম্ভ কৰিছিল ব্যৱসায়। ব্যৱসায়ত লোকচান হোৱাৰ বাবেই মানসিকভাৱে ভাগি পৰিছিল বুলি আৰক্ষীয়ে জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *