দুদিনীয়া কাৰ্যসূচীৰে অহা ২৯ আৰু ৩০ আগষ্ট, ২০২৬ত শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত শংকৰদেৱ শিশু বিদ্যা নিকেতন বেলতলাত প্ৰান্তীয় সংস্কৃতি মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত শিশু শিক্ষা সমিতি, অসমৰ ১০টা বিভাগৰ ৬০টা সংকুলৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।
২৯ আগষ্টত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড. পৱন তিৱাৰী , দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ আৰু শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী, নাগৰিক সমবায় বেংকৰ অধ্যক্ষ জগদীশ শৰ্মাওকে ধৰি কেইবাগৰাকীও গণ-মান্য লোক।অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাংস্কৃতিক প্ৰশ্ন মঞ্চ, কাহিনী কথন, আকস্মিক বক্তৃতা, মূৰ্তি কলা , আচাৰ্য পত্ৰবাচন আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।
উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে উদ্যোক্তাৰ হৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলাৰ প্ৰধান আচাৰ্যা নিলীমা বৰ্মনে সৰ্বস্তৰৰ লোকৰ সহায়-সহযোগ আৰু উপস্থিতি কামনা কৰিছে।








