Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

মাছমৰীয়াৰ পুত্ৰ ছানিদুল ইছলামে লাভ কৰিলে CISFৰ চাকৰি

লক্ষ্য স্থিৰ আৰু একাগ্ৰতা থাকিলে কোনো কামেই অসম্ভৱ নহয়। এই কথাকেই প্ৰমাণ কৰি দেখুৱালে এগৰাকী মাছমৰীয়াৰ পুত্ৰই। নামনি অসমৰ পৰ্বতঝোৰাত এগৰাকী মাছমৰীয়াৰ পুত্ৰ‌ই লাভ কৰিলে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ) কনিষ্টবলৰ চাকৰি।

এই খবৰটো লাভ কৰাৰ পিছতেই অঞ্চলবাসীৰ মাজত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে। পৰ্বতঝোৰা সমষ্টিৰ দেবিতোলা অঞ্চলৰ অতি ভিতৰুৱা গাঁও হৈছে বৰভিটা। এই গাঁওখনৰে বাসিন্দা অতি দৰিদ্ৰ পৰিয়ালৰ ছিদ্দিক আলীৰ পুত্ৰ ছানিদুল ইছলামে চি আই এছ এফত চাকৰি লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

পিতৃ পেছাত এজন মাছমৰীয়া। কিছুদিন পূৰ্বে পুত্ৰ ছানিদুলে চি আই এছ এফ কনিষ্টবল পদৰ বাবে শাৰিৰীক সাক্ষাৎকাৰ দিছিল। ইয়াৰ পিছতে শুকুৰবাৰে বিভাগে ছানিদুলক পত্ৰযোগে এই সুখৰ খবৰটো জনোৱাৰ পাছত ছানিদুলৰ ঘৰত বৈছে গাঁওবাসীৰ সোঁত।

উল্লেখ্য যে, এটা চৰকাৰী চাকৰি পোৱাৰ আশাত শিক্ষিত যুৱক ছানিদুলে যোৱা কেইবা বছৰ ধৰি কৰি আহিছিল নিয়মিত অনুশীলন। কোনো ধৰণৰ টকা খৰচ নকৰাকৈ ছানিদুলে চাকৰি লাভ কৰাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে তেওঁৰ পিতৃ আৰু গাঁওবাসীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *