হঠাতেই আকাশমাৰ্গত সৃষ্টি হয় তীব্ৰ আতংকৰ। ইৰাণৰ মাছহাদৰ পৰা কেৰমানশ্বাহলৈ উৰা মৰা ছেপাহৰাণ এয়াৰলাইন্সৰ বয়িং ৭৩৭ বিমানত উৰণৰ কিছু সময়ৰ পিছতে দেখা দিয়ে কাৰিকৰী সমস্যাই। উৰণৰ কিছু সময় পিছতেই দিয়ে বিপদৰ সংকেত।
এটা চকাৰ টায়াৰ খহি যোৱাৰ পিছতেই ইঞ্জিনত সৃষ্টি হয় সমস্যাৰ আৰু বিমানখনত আৰম্ভ হয় তীব্ৰ কম্পন। আতংকিত হৈ পৰে সকলো যাত্ৰী। অৱশেষত পাইলটৰ তৎপৰতাত বিমানখন পুনৰ মাছহাদ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে। টায়াৰৰ সমস্যাৰ পিছতে বিমানখনৰ ইঞ্জিনতো বিসংগতি দেখা দিয়ে।পৰিস্থিতি অধিক জটিল হৈ পৰাত পাইলটে যাত্ৰীসকলক ইঞ্জিনৰ সমস্যাৰ বিষয়ে অৱগত কৰে আৰু তাৰ পিছতেই বিমানখনৰ ভিতৰত সৃষ্টি হয় আতংকময় পৰিৱেশ।তীব্ৰ কম্পনৰ ফলত কেবিনৰ চিলিং আৰু ওপৰৰ লাগেজ বিনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ওপৰৰ বিনৰ পৰা লাগেজ তললৈ সৰি পৰে। কিছুমান লাগেজে যাত্ৰীকো খুন্দা মাৰে বুলি খবৰ প্ৰকাশ পাইছে।
ঘটনাৰ সময়ৰ ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’ত যাত্ৰীসকলক আতংকিত দেখা গৈছে। কোনোবাই যদি ভয়তে প্ৰাৰ্থনা কৰিছে, আন কোনোবাই আকৌ চিঞৰ-বাখৰ কৰিছে। বিমানখনৰ ভিতৰৰ এই দৃশ্যই ঘটনাটোৰ ভয়াৱহতাৰ ছবিখন স্পষ্ট কৰি তুলিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাইলটসকলে বিমানখন কেৰমানশ্বাহলৈ নিনিয়াৰ সিদ্ধান্ত লয়। বিমানখন পুনৰ মাছহাদ বিমানবন্দৰলৈ ঘূৰাই অনা হয়। অৱশেষত পাইলটসকলৰ তৎপৰতাত বিমানখনে মাছহাদ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে।
প্ৰাথমিক খবৰ অনুসৰি, ঘটনাটোত কোনো যাত্ৰী আহত হোৱা নাই। অৱশ্যে বিমানখনৰ টায়াৰ আৰু ইঞ্জিনৰ সমস্যাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ কাৰিকৰী দিশ সন্দৰ্ভত তদন্তৰ পিছতহে অধিক তথ্য পোহৰলৈ আহিব। উল্লেখযোগ্য যে, শেহতীয়াকৈ মাছহাদ বিমানবন্দৰত ছেপাহৰাণ এয়াৰলাইন্সৰ বিমানক কেন্দ্ৰ কৰি সংঘটিত এয়া দ্বিতীয়টো ঘটনা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।








