Friday, 13 November 2026
Latest Updates
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

বিশ্বৰ প্ৰথমজন সমকামী ইমামৰ সৈতে ভয়ংকৰ কাণ্ড

দক্ষিণ আফ্ৰিকাৰ আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁ আন এজন ব্যক্তিৰ সৈতে গাড়ীৰে যাত্ৰা কৰি থকা সময়তে আক্ৰমণকাৰীয়ে এই কাণ্ড সংঘটিত কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি,  আক্ৰমণকাৰীয়ে তেওঁৰ গাড়ীৰ সন্মুখত বাহনখন ৰখাই তেওঁৰ প্ৰস্থান পথ বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে গাড়ীৰ পৰা মুখা পিন্ধা দুজন লোক ওলাই আহি ইমামৰ বাহনখনলৈ নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে। ইয়াৰ পিছত আক্ৰমণকাৰীসকল পলায়ন কৰে। এই আক্ৰমণত কেৱল মুহছিনৰ প্ৰাণহানি হয়। আৰক্ষীয়ে জনোৱা মতে, এই কাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু বিষয়টোৰ তদন্ত চলি আছে।

আন্তঃৰাষ্ট্ৰীয় লেচবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্স আৰু ইন্টাৰচেক্স এছ’চিয়েচনে ইমামৰ এই কাণ্ডক গৰিহণা দিয়ে। এছ’চিয়েশ্যনৰ কাৰ্যবাহী জুলিয়া এহৰহাৰ্টে এক বিবৃতিত কয় যে, মুহচিন হেণ্ড্ৰিক্সৰ সৈতে ঘটা এই কাণ্ডৰ খবৰ পাই সমগ্ৰ আইলজিএ পৰিয়াল গভীৰভাৱে স্তম্ভিত হৈ পৰে।

উল্লেখ্য যে, ১৯৯৬ চনত মুহচিন হেণ্ড্ৰিক্সে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল যে তেওঁ সমকামী। ইয়াৰ পিছত তেওঁ LGBTQ সম্প্ৰদায়ৰ অধিকাৰৰ বাবে যুঁজ দিয়া গোটসমূহৰ অংশ আছিল।

তেওঁ কেপ টাউনৰ জন্মস্থানৰ ওচৰৰ উইনবাৰ্গত আল-ঘুৰাবাহ মছজিদ চলাইছিল। মছজিদটোৰ ৱেবছাইট অনুসৰি, ই এক নিৰাপদ স্থান য’ত কুইয়াৰ মুছলমান আৰু প্ৰান্তীয় মহিলাসকলে ইছলাম ধৰ্ম পালন কৰিব পাৰে। হেণ্ড্ৰিক্সে ২০২২ চনৰ এখন তথ্যচিত্ৰ ‘দ্য ৰেডিকেল’ত লাভ কৰা ভাবুকিৰ বিষয়েও কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *