Thursday, 12 November 2026
Latest
কোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?৬ হাজাৰ বিদ্যালয়লৈ বো*মাৰ ভাবুকি! আতংকত ইউৰোপ, প্ৰধানমন্ত্ৰী মেল’নীৰ গাড়ীও আ*ক্ৰমণৰ লক্ষ্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰইটয়লেটৰ আইনাত হাইজেকৰ ভাবুকি! উৰণৰ পূৰ্বেই হাহাকাৰ কলকাতা বিমানবন্দৰত, নিৰাপত্তাৰক্ষীৰ জালত এয়াৰ ইণ্ডিয়াৰ বিমানবগা হোৱাৰ হেঁপাহেই কাল হ’ব নেকি জীৱনৰ?ফেয়াৰনেছ ক্ৰীমত বিপজ্জনক পাৰা, বৃক্ক বিকল হোৱাৰ আশংকা…প্ৰথমে বিকট শব্দ, ছিগিল ৰে’ললাইন, খাৱৈত সোমাল ইঞ্জিন! মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ, ডিগাৰুত কেনেকৈ ঘটিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা?ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

পুনৰ আমেৰিকাৰ পৰা উলিয়াই দিয়া হ’ল ১১৯ গৰাকী ভাৰতীয় নাগৰিকক

আজি নিশা ১০ বজাত আমেৰিকাৰ পৰা অমৃতসৰত উপস্থিত হ’ব অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতীয়ৰ দ্বিতীয়টো দল। আমেৰিকাৰ পৰা অমৃতসৰলৈ অহা এই সামৰিক বিমানখনত থাকিব ১১৯ জনকৈ ভাৰতীয় লোক।

আমেৰিকাৰ পৰা বিতাড়িত হ’বলগীয়া ১১৯ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ ভিতৰত সৰ্বাধিক ৬৭ জন হৈছে পঞ্জাৱৰ। দ্বিতীয় স্থানত আছে হাৰিয়ানা। হাৰিয়ানাৰ ৩৩ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰিও আছে গুজৰাটৰ ৮ জন, উত্তৰ প্ৰদেশৰ ৩ জন, গোৱা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ ২ জন আৰু হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ ১ জন । শনিবাৰে নিশা প্ৰায় ১০ বজাত বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

বিগত মাহত ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই ইয়াৰ পৰা বিতাড়িত হোৱা ভাৰতীয়ৰ এইটো হ’ব দ্বিতীয়টো গোট। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ১০৪ জনীয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ এটা গোট অমৃতসৰত উপস্থিত হৈছিল।

আচলতে আমেৰিকাই ইয়াৰ পূৰ্বেও অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাত প্ৰথমবাৰৰ সংসদত এই সন্দৰ্ভত হুলস্থুলৰ সৃষ্টি হৈছিল। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে নিজেই সংসদত কৈছিল যে এই প্ৰক্ৰিয়া নতুন নহয়। ইয়াৰ পূৰ্বেও এনেকুৱা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কৈছে যে, ভাৰতে আমেৰিকাত বসবাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিব। এয়া কেৱল ভাৰতৰ বিষয় নহয়। এয়া এক বিশ্বব্যাপী সমস্যা। আন দেশত অবৈধভাৱে বাস কৰা লোকসকলৰ সেই দেশত বাস কৰাৰ কোনো আইনী অধিকাৰ নাই। আমি অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই ল’বলৈ সাজু।

একে সময়তে অবৈধ প্ৰবাসী ভাৰতীয়ৰ উভতি অহাৰ সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেন্দ্ৰৰ বিৰুদ্ধে পঞ্জাৱক বদনাম কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *