Friday, 13 November 2026
Latest
মুখত চোবাই খোৱা ফটকাই কাঢ়িলে ২ বছৰীয়া শিশুৰ প্ৰাণ! পপ-পপ ফটকা কিমান ভয়ংকৰ?এইবাৰ আমেৰিকাৰ সামৰিক ৰাডাৰত আক্ৰমণ ইৰাণৰ! ট্ৰাম্পৰ নীৰৱতা, যুদ্ধৰ মাজতে জাহাজৰ কমাণ্ডাৰক আঁতৰালে আমেৰিকাই…নেতান্যেহুৰ পত্নীৰ সৈতে সংসদতে তুমুল বাকযুদ্ধ! কাৰ সৈতে কাজিয়াত লিপ্ত হ’ল ছাৰা নেতান্যেহু? স্বামীয়ে চাই ৰ’ল সকলো…মাত্ৰ ৫খন গাড়ীৰেই আৰম্ভ কৰিব পাৰিব ৰেণ্টেল কেবৰ ব্যৱসায়! চৰকাৰৰ নতুন প্ৰস্তাৱত সলনি হ’ব ব্যৱসায়ৰ নিয়ম…এখন হাজাৰ বছৰ পুৰণি কিতাপ, ৩৭০০ বছৰ পুৰণি ভাইৰাছ আৰু বিজ্ঞানীৰ হাতত ওলাল অতীতৰ এক ভয়ংকৰ ৰহস্য…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰইকোৰাণৰ আয়াত লিখা পেণ্ডেণ্টক লৈ বিতৰ্ক! কৰীনা কাপুৰৰ সমৰ্থনত সাংসদ নাদৱী, কি ক’লে তেওঁ?
Top News

ভয়ংকৰ সংঘৰ্ষ; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩১ গৰাকী মাওবাদী, ২ জন জোৱান শ্বহীদ

প্ৰতিনিধিত্বমূলক চিত্ৰ

দেওবাৰে ছত্তীশগড়ৰ বিজাপুৰ জিলাত সেনা বাহিনীৰে হোৱা সংঘৰ্ষত ৩১ গৰাকী মাওবাদী নিহত হোৱাৰ লগতে দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আজি ৰাতিপুৱা ইন্দ্ৰৱতী ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলত এই ঘটনা সংঘটিত হৈছে। এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, নিৰ্ভৰ যোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আজি নিৰাপত্তাৰক্ষীৰ এটা দলে উদ্যানখনত অভিযান চলাবলৈ গৈছিল।

অভিযান চলাই থকাৰ সময়তে উদ্যানখনৰ জংঘলত আত্মগোপন কৰি থকা মাওবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক আক্ৰমণ চলায়। লগে লগে এই আক্ৰমণৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষীৰ দলটোৱে।

‘দুয়ো পক্ষৰ মাজত চলা এই এনকাউণ্টাৰত ১২ গৰাকী মাওবাদী নিহত হয়’, এই কথা জানিবলৈ দিয়ে এজন শীৰ্ষ আৰক্ষী বিষয়াই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এতিয়াও অঞ্চলটোত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত গুলীচালনা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.