Monday, 16 November 2026
Latest
SIR-ত ভোটাৰক ডাঙৰ সকাহ! ফৰ্ম ৬ পূৰণ কৰিলেও নহ’ব গোচৰ, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা…সমুদ্ৰৰ গভীৰতাত হালধীয়া ইটাৰ ৰাস্তা! কোনে নিৰ্মাণ কৰিলে এই পথ? ৰহস্য দেখি আচৰিত বিজ্ঞানীও…মুখত প্ৰাকৃতিক উজ্জ্বলতা বিচাৰিছে নেকি আপুনি? গাখীৰৰ সৰ কিমান উপকাৰী, সপ্তাহত কিমানবাৰ লগাব লাগে জানেনে?ষট পূজাৰ ঘাট ভাঙি লণ্ডভণ্ড! উদীয়মান সূৰ্যক অৰ্ঘ্য দিয়াৰ পূৰ্বেই ঘাটত ধৰ্মীয় উত্তেজনা, দুজনক গ্ৰেপ্তাৰক লৈ চাঞ্চল্যহা*লা*ল মাং**স বিক্ৰী নকৰাৰ ঘোষণা, ৰেষ্টুৰেণ্টৰ বাহিৰত উত্তপ্ত পৰিস্থিতি! প্ৰতিবাদ, আৰক্ষীৰ কৰ্ডন, মালিকলৈ মৃ*ত্যু*ৰ ভাবুকি…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই‘ভাৰতক অপমান কৰিলে কোনে হাঁহে?’ ইটালীৰ নেতাৰ শ্লোগানক লৈ ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ…
Top News

SIR-ত ভোটাৰক ডাঙৰ সকাহ! ফৰ্ম ৬ পূৰণ কৰিলেও নহ’ব গোচৰ, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা…

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেও এতিয়া পুনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়ি অহা লোকসকলৰ বাবে ডাঙৰ খবৰ আহিছে। বিশেষকৈ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। খচৰা ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা ব্যক্তিয়ে পুনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰ-পত্ৰ ৬ পূৰণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

১৪ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰা পৰিপূৰক শপতনামাত এই কথা স্পষ্ট কৰিছে নিৰ্বাচন আয়োগে। SIR প্ৰক্ৰিয়াৰ সময়ত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ পিছত ফৰ্ম ৬ পূৰণ কৰি পুনৰ নাম অন্তৰ্ভুক্ত কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব নেকি, তাক লৈ সৃষ্টি হৈছিল উদ্বেগ।

উল্লেখযোগ্য যে ফৰ্ম ৬ সাধাৰণতে প্ৰথমবাৰৰ বাবে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব বিচৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰা হয়। পূৰ্বে উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে ইতিমধ্যে ভোটাৰ তালিকাত নাম থকা ব্যক্তিয়ে পুনৰ এই প্ৰ-পত্ৰ পূৰণ কৰাটো উচিত নেকি? আনকি ভুল ঘোষণা কৰিলে ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৩১ নং ধাৰাত ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনাৰ কথাও আদালতে উল্লেখ কৰিছিল।

কিন্তু এতিয়া আয়োগে স্পষ্ট কৰিছে যে SIR-ত নাম বাদ পৰা ভোটাৰসকলৰ বিৰুদ্ধে কেৱল ফৰ্ম ৬ পূৰণ কৰাৰ বাবেই কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

ইয়াৰ উপৰি অনুপস্থিত, স্থানান্তৰিত, মৃত অথবা ডুপ্লিকেট হিচাপে চিহ্নিত হৈ তালিকাৰ পৰা বাদ পৰা ভোটাৰসকলৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে আয়োগে। তেওঁলোকে বৰ্তমানৰ বাসস্থানৰ ভিত্তিত পুনৰ পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব।

এই গোচৰৰ পৰৱৰ্তী শুনানি ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব। এতিয়া সকলোৰে দৃষ্টি উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিলৈ। SIR-ৰ ফলত নাম বাদ পৰা ভোটাৰসকলৰ বাবে এই সিদ্ধান্তই কিমান সকাহ কঢ়িয়াই আনে, সেয়াই হ’ব লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.