Monday, 16 November 2026
Latest
SIR-ত ভোটাৰক ডাঙৰ সকাহ! ফৰ্ম ৬ পূৰণ কৰিলেও নহ’ব গোচৰ, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ ঘোষণা…সমুদ্ৰৰ গভীৰতাত হালধীয়া ইটাৰ ৰাস্তা! কোনে নিৰ্মাণ কৰিলে এই পথ? ৰহস্য দেখি আচৰিত বিজ্ঞানীও…মুখত প্ৰাকৃতিক উজ্জ্বলতা বিচাৰিছে নেকি আপুনি? গাখীৰৰ সৰ কিমান উপকাৰী, সপ্তাহত কিমানবাৰ লগাব লাগে জানেনে?ষট পূজাৰ ঘাট ভাঙি লণ্ডভণ্ড! উদীয়মান সূৰ্যক অৰ্ঘ্য দিয়াৰ পূৰ্বেই ঘাটত ধৰ্মীয় উত্তেজনা, দুজনক গ্ৰেপ্তাৰক লৈ চাঞ্চল্যহা*লা*ল মাং**স বিক্ৰী নকৰাৰ ঘোষণা, ৰেষ্টুৰেণ্টৰ বাহিৰত উত্তপ্ত পৰিস্থিতি! প্ৰতিবাদ, আৰক্ষীৰ কৰ্ডন, মালিকলৈ মৃ*ত্যু*ৰ ভাবুকি…ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই‘ভাৰতক অপমান কৰিলে কোনে হাঁহে?’ ইটালীৰ নেতাৰ শ্লোগানক লৈ ৰাহুল গান্ধীক আক্ৰমণ বিজেপিৰ…
Top News

সমুদ্ৰৰ গভীৰতাত হালধীয়া ইটাৰ ৰাস্তা! কোনে নিৰ্মাণ কৰিলে এই পথ? ৰহস্য দেখি আচৰিত বিজ্ঞানীও…

পৃথিৱীৰ বুকুত এনে বহু ৰহস্য লুকাই আছে, যিবোৰে বিজ্ঞানীসকলকো আচৰিত কৰি তোলে। এইবাৰ তেনে এক আশ্চৰ্যকৰ আৱিষ্কাৰ হৈছে প্ৰশান্ত মহাসাগৰৰ গভীৰতাত। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১,০২৯ মিটাৰ তলত আৱিষ্কাৰ হৈছে এখন হালধীয়া ইটাৰে নিৰ্মিত ৰাস্তাৰ দৰে গঠন। দূৰৰ পৰা চালে এনে লাগে যেন কোনোবাই অতি পৰিকল্পিতভাৱে সমুদ্ৰৰ বুকুত এখন পথ নিৰ্মাণ কৰি থৈ গৈছে।

কিন্তু প্ৰশ্নটো হ’ল, জনবসতিহীন সমুদ্ৰৰ গভীৰতাত কোনে নিৰ্মাণ কৰিলে এই পথ?

২০২২ চনত অ’চেন এক্সপ্ল’ৰেচন ট্ৰাষ্টৰ গৱেষণা জাহাজ ই/ভি নটিলাছৰ অভিযানৰ সময়ত এই অদ্ভুত গঠনটো আৱিষ্কাৰ কৰা হৈছিল। প্ৰশান্ত মহাসাগৰৰ পাপাহানাউমোকুৱাকিয়া মেৰিন নেচনেল মনুমেণ্টৰ ভিতৰত নুটকা ছিমাউণ্টৰ ওচৰত এই দৃশ্য কেমেৰাত বন্দী হৈছিল।

গঠনটোৰ সোঁকোণীয়া ফাট আৰু নিয়মীয়া আৰ্হি দেখি বিজ্ঞানীসকলেও প্ৰথমে আচৰিত হৈছিল। ইয়াক ‘হালধীয়া ইটাৰ ৰাস্তা’ (Yellow Brick Road) বুলি নাম দিয়া হয়।

বিজ্ঞানীসকলৰ মতে, এয়া কোনো হেৰাই যোৱা সভ্যতাৰ নিদৰ্শন নহয়। বৰঞ্চ আগ্নেয়গিৰিৰ প্ৰাকৃতিক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এক বিশেষ ভূতাত্ত্বিক গঠন।

গৰম মেগমা ঠাণ্ডা সমুদ্ৰৰ পানীৰ সংস্পৰ্শলৈ আহিলে হাইল’ক্লাষ্টাইট নামৰ আগ্নেয়গিৰিৰ শিল সৃষ্টি হয়। সময়ৰ লগে লগে এই শিল ভাঙি আৰু পৰিৱৰ্তিত হৈ ইটাৰ দৰে আকৃতি লাভ কৰে।

হালধীয়া ৰঙৰ আঁৰৰ ৰহস্য কি?

বিজ্ঞানীসকলৰ মতে, আগ্নেয়গিৰিৰ কাঁচৰ ওপৰত কম উষ্ণতাৰ জলতাপীয় পৰিৱৰ্তনৰ ফলত আইৰণ অক্সিহাইড্ৰ’ক্সাইডৰ সৃষ্টি হয়। ইয়াৰ বাবেই শিলৰ পৃষ্ঠভাগ হালধীয়া হৈ পৰে।

কেৱল এই পথসদৃশ গঠনেই নহয়, অভিযানত ছ’লুম্বেলুলা প্ৰজাতিৰ এটা সাগৰীয় কলমো প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত দেখা আৰু সংগ্ৰহ কৰাৰ তথ্য লিপিবদ্ধ কৰা হৈছিল। অৰ্থাৎ, সমুদ্ৰৰ গভীৰতাত লুকাই আছে এনে এখন পৃথিৱী, যাৰ বহু ৰহস্য এতিয়াও মানুহৰ অগোচৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Get the day’s biggest stories first

One beautiful briefing every morning. No spam, unsubscribe anytime.